চৰাইদেউ জিলাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চেপনত আজি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে চৰাইদেউ জিলা কৃষিবিভাগৰ আৰ আই ডি এফ ২৭ আঁচনিৰ অধীনত কৃষি জ্ঞান কেন্দ্ৰ নিৰ্মাণৰ আধাৰ শিলাৰ শুভ উদ্বোধন কৰে।এই উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে চৰাইদেউ জিলাৰ বিজেপি সভাপতি লক্ষ্মীনাথ তাছা , বিজেপি মাহমৰা গ্ৰাম্য মণ্ডলৰ সভাপতি হৰেণগগৈ , চৰাইদেউ জিলাৰ কৃষিবিভাগৰ বিষয়া বৰ্গ আৰু স্থানীয় বহু সংখ্যক ৰাইজ উপস্থিত থাকে।
মাহমৰাৰ চেপনত চৰাইদেউ জিলা কৃষিবিভাগৰ জ্ঞানকেন্দ্ৰ নিৰ্মাণৰ আধাৰ শিলা উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে।
