এয়া আকাশবাণী … , আপুনি শুনি আছে গীতিমালিকা … স্মৃতিৰ মণিকোঠাত এতিয়াও আপুনি নিশ্চয় খেদি ফুৰে এইকেইটা শব্দ । সেই স্মৃতিবোৰেই যেন আজি আপোনাক জুমুৰি দি ধৰিছে । যান্ত্ৰিকতা আৰু প্ৰযুক্তিৰ এনে পৰিৱৰ্তনৰ সময়ত আপোনাৰ চ’ৰাঘৰত সংৰক্ষণ কৰি ৰখা ৰেডিঅ’ত আপুনি হয়তো শুনিবলৈ পোৱা নাই সেইকেইটা শব্দ – এয়া আকাশবাণী…

আজি ১৩ ফেব্ৰুৱাৰী অৰ্থাৎ বিশ্ব ৰেডিঅ’ দিৱস । ২০১২ চনৰ পৰা বিশ্বজুৰি পালন কৰি অহা হৈছে এই ৰেডিঅ’ দিৱস । প্ৰথমাৱস্থাত ৰেডিঅ’ দিৱস উদযাপন কৰা হোৱা নাছিল । ২০১০ চনৰ ২০ অক্টোবৰত স্পেনিচ ৰেডিঅ’ একাডেমীৰ অনুৰোধত স্পেইনে সংযুক্ত ৰাষ্ট্ৰই বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰিবৰ কাৰণে এক দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰে ৷ ইয়াৰ পিছতে ২০১১ চনৰ ৩ নবেম্বৰত সংযুক্ত ৰাষ্ট্ৰই শৈক্ষিক,বৈজ্ঞানিক আৰু সাংস্কৃতিক সংগঠন ইউনেস্ক’ই পেৰিছত আয়োজিত এখন সভাত ঘোষণা কৰে যে প্ৰত্যেক বছৰৰ ১৩ ফ্ৰেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ’ দিৱস উদযাপন কৰা হ’ব । ইয়াৰ পাচতেই প্ৰথমবাৰৰ বাবে ২০১২ চনত ১৩ ফেব্ৰুৱাৰীৰ দিনটোক বিশ্ব ৰেডিঅ’ দিৱস হিচাপে পালন কৰা হয় ।