সোণাৰিত কবিতাৰ মহাসন্মিলনৰ অধিবেশন অনুষ্ঠিত
চৰাইদেউত কবিতাৰ মহাসন্মিলনৰ ষষ্ঠ বাৰ্ষিক অধিবেশন দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায় । সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা অহা কবি সকলৰ লগতে উৰিষ্যা, পশ্চিম বংগৰ কবিয়ে ও অংশ গ্ৰহণ কৰে । ডেৰ শতাধিক কবিৰ কবিতা পাঠে অনুষ্ঠানটি জিপাল কৰি তোলে । ভাষা প্ৰকাশনৰ স্বাধিকাৰী মুকুত শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবা গৰাকীও বিভিন্ন ক্ষেত্ৰত সমল আগবঢ়াই অহা ব্যক্তিক ৰাজহুৱা সম্বৰ্ধনা জনোৱা হয় । সোণাৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা ৰঘুনাথ কায়গুংঙে আতধৰা অনুষ্ঠানত নৱপ্ৰজন্মৰ ৰচিত কেইবাখনো কবিতা পুঠি উন্মোচন কৰা হয় ।