সোণাৰিত পথ দুৰ্ঘটনাত দুজন আহত

সোণাৰিৰ টিয়ক ঘাটত দলংৰ ওচৰত ভয়ংকৰ পথ দূৰ্ঘটনা । মখামুখি বাইকৰ সংঘৰ্ষৰ ফলত গুৰুত্ব ভাবে দুজন আহত ।

সোণাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। সোণাৰিৰ টিয়কঘাটৰ দলংৰ ওচৰত ক'লা ৰঙৰ বাইক AS02X3963 আৰু AS04A A8265 ৰঙা প্লাচাৰৰ মাজত সংঘৰ্ষ হোৱাত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী । স্থানীয় লোকে ততাতৈয়াকৈ সোণাৰি ৰজাপুখুৰী চিকিৎসালৈ লৈ আনে । এজন বাইক আৰোহীৰ নাম হল নগাঁৱৰ বিপুল দাস । বিপুল দাসে সোণাৰিৰ পুৰণি জৱকা এল পি স্কুলত শিক্ষকতা কৰে । আন হৈছে ৰোহীত ৰয় । কি ধৰণে দূৰ্ঘটনা ঘটিবলৈ পালে বৰ্তমান সময়ৰ লৈকে গম পোৱা নাই যদিও মূখামুখি সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বৰ্তমান সোণাৰি আৰক্ষীয়ে দুয়োখন বাইক জব্দ কৰিছে ।