লংকাত যাত্ৰীবাহী বাছত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত যাত্ৰীৰ মাজত লাগে হাহাকাৰ।নগাওঁ অভিমুখী AS-02AC-1752 নম্বৰৰ বাছখনত আকস্মিক জুইৰ সূত্ৰপাত ঘটে।আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সম্মুখৰ পথত সংঘটিত হৈছে এই ঘটনা।ততাতৈয়াকৈ উপস্থিত হোৱা অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰিছে জুই।উক্ত ঘটনাত সৌভাগ্যক্ৰমে কোনো লোকে হতাহঁত হোৱা নাই যদিও জুইৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।