পশ্চিম দৰঙৰ খাচ বোনমাঝা বৰনামঘত বিষ্ণু সভা সম্পন্ন
শিশু শিল্পী নিবিড় কুমাৰ নাথক সম্বৰ্ধনা জ্ঞাপন
পশ্চিম দৰঙৰ খাচ বোনমাঝা বৰ নামঘত অনুষ্ঠিত ৩৪ সংখ্যক শ্ৰীশ্ৰীবিষ্ণু সভাৰ সফল সামৰণি পৰিছে । আজি অন্তিম দিনৰ অন্তিম কাৰ্যসূচী সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰে সাংস্কৃতিক কৰ্মী বনমালী শৰ্মাই । উক্ত অনুষ্ঠানত অসমৰ বিভিন্ন মঞ্চতে গীত গাই সমাদৰ বোটলিবলৈ সক্ষম হোৱা শিশু শিল্পী নিবিড় কুমাৰ নাথক ফুলাম গামোচা, মানপত্ৰ,শৰাই আদিৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পিছতে অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াত সহস্ৰাধিক দশকৰ উপস্থিতিত অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী ৰূপম কলিতা আৰু মিচ বিনীতাই গীতৰ শৰাই আগবঢ়ায় ।