অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ,ৰহা আঞ্চলিক সমিতিৰ নগৰ পশ্চিম শাখা আজি গঠন কৰা হয়।

      আজি ৰহা সুকুমাৰী প্ৰাথমিক বিদ্যালয় প্ৰেক্ষাগৃহ ত দিনৰ ২বজাৰ পৰা ৰহা আঞ্চলিক যুব ছাত্ৰ পৰিষদ ৰ সভাপতি অসীম দাসৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক নিলোৎপল হাজৰিকাৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সমিতি গঠন সভাত নগাঁও জিলা যুব ছাত্ৰ পৰিষদ ৰ উপ সভাপতি হৰিপ্ৰসাদ ৰাজখোৱাই যুব ছাত্ৰ পৰিষদ ৰ লক্ষ্য উদ্দেশ্য বিষয়ে অবগত কৰাৰ লগতে ৰহা আঞ্চলিক ৰ উপদেষ্টা দীপক দাসে পৰিষদ ৰ দাবী সন্দৰ্ভত বিতং ব্যাখ্যা আগবঢ়োৱা ৰ পাছত সৰ্বসম্মতিৰে বিকি দাসক সভাপতি, ৰঞ্জিত মুদৈ,নিকু হাজৰিকাক উপ সভাপতি আৰু অমৰজ্যোতি ডেকাক সম্পাদক ৰুপে লৈ ৰহা আঞ্চলিক জাতীয়তাবাদী যুব পৰিষদ ৰ নগৰ পশ্চিম শাখা সমিতি গঠন কৰা হয়।সমিতি গঠন সভাত জাতীয়তাবাদী যুব পৰিষদ ৰ জাতীয় মহিলা পৰিষদ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদিকা ললিতা ডেকা, ৰহা আঞ্চলিক সমিতি ৰ উপদেষ্টা হিমেন দাস, সাংগঠনিক সম্পাদক ৰুবুল মুদৈ ৰ লগতে ৰহা আঞ্চলিক ৰ প্ৰতিনিধি,সদস্য উপস্থিত থাকে।