গাম্ভীৰ্যপূৰ্ণ মাংগলিক কাৰ্যসূচীৰে আজি গোলাঘাট জিলা সাহিত্য সভাৰ বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন । গোলাঘাট নগৰৰ ঐতিহ্যমণ্ডিত অজন্তা কলা মণ্ডলৰ বাকৰিত সাহিত্য অনুৰাগীৰ সমাৱেশত লাইখুঁটা স্থাপন কৰে বিশিষ্ট সমাজকৰ্মী,অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক,অসম সাহিত্য সভাৰ আজীৱন সভ্য ৰবীন্দ্ৰ নাথ বৰুৱাই । আদৰণি সমিতিৰ সম্পাদক ৰাজীৱ লস্কৰে আঁত ধৰা লাইখুঁটা স্থাপন কাৰ্যসূচীত গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰবৰা, সম্পাদক বন্তি বৰা, আদৰণি সমিতিৰ সভাপতি দ্বীপেন দত্ত, গোলাঘাট জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সভাপতি গুণেন্দ্ৰ নাথ বৰা, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়া তথা আদৰণি সমিতিৰ মুখ্য উপদেষ্টা দিগন্ত কুমাৰ ভূঞা,আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি তনুজ কুমাৰ মহন্ত আদিয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় । অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত আয়োজিত অধিৱেশনৰ প্ৰস্ততি আদৰণি সমিতিয়ে পূৰ্ণ গতিত অব্যাহত ৰাখিছে । ১২ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাত অজন্তা কলা মণ্ডলৰ বাকৰিত সমাৱেশ ঘটিব জিলাখনৰ নবীন-প্ৰবীণ লেখক ,কবি,গল্পকাৰ, ঔপন্যাসিক আদিৰ । পশ্চিম গোলাঘাট শাখা সাহিত্য সভা আৰু আদৰণি সমিতিয়ে জিলাখনৰ ১০০ গৰাকী নবীন-প্ৰবীণ লেখক,কব,গল্পকাৰ,ঔপন্যাসিক আদিক বিশেষভাৱে সম্বৰ্ধনা জনাব । ১১ ফেব্ৰৱাৰীৰ সন্ধিয়াভাগত গোলাঘাট সদৰ কবি সন্মিলন আৰু পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ'ব শীতৰ দলিছাত গীত,নৃত্য,কবিতাৰ উমাল সন্ধিয়া শীৰ্ষক এক মনোৰম অনুষ্ঠান ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Anil Deshmukh Attacked News: महाराष्ट्र की राजनीति में आया उबाल, Anil Deshmukh पर हमला
Anil Deshmukh Attacked News: महाराष्ट्र की राजनीति में आया उबाल, Anil Deshmukh पर हमला
जिल्ह्यातील सर्व शाळांनी तंबाखू मुक्त व कोटपा कायदा 2003 ची प्रभावीपणे
अंमलबजावणी करावी - जिल्हाधिकारी आंचल गोयल
परभणी, दि.26 (प्रतिनिधी) : तंबाखू मुक्त शाळांचे 9 निकष या प्रमाणे सर्व शाळांनी आपापल्या शाळा...
WhatsApp चैनल पर फॉलोअर्स के साथ शेयर कर सकेंगे अब स्टीकर्स, इन यूजर्स को मिलेगा नया ऑप्शन
वॉट्सऐप चैनल के जरिए क्रिएटर्स अपने फॉलोअर्स से जुड़ सकते हैं। हालांकि वॉट्सऐप चैनल की यह सुविधा...
चिकित्सा संस्थानों पर आम जन को पशु जन्य रोग से बचाव के बारे में किया जाएगा जागरूक*
विश्व पशु जन्य रोग दिवस के अवसर पर चिकित्सा संस्थानों पर आमजन को पशु जन्य रोग से बचाव के बारे में...