একাংশ জীৱশ্ৰেষ্ঠৰ জিঘাংশা আৰু বন বিভাগৰ অকৰ্মণ্যতাৰ বাবেই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিগত পাঁচ দিনে গোলাঘাটৰ ভিন্ন প্ৰান্তত বিচৰণ কৰা গড়জনীয়ে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ উলাই অহা গড় জনীয়ে সোমবাৰে কৰুণভাৱে মৃত্যুক আকোৱালি লয় গোলাঘাটৰ বগৰীজেং অঞ্চলত। সচেতন লোকৰ অভিযোগ অনুসৰি বন মন্ত্ৰী পৰিষদ শোক্লবৰ্ধ, বন বিভাগৰ উদ্ধতম কৰ্তৃপক্ষ তথা গোলাঘাট জিলা প্ৰশাসনৰ চৰম দ্বায়িত্বজ্ঞান হীনতাৰ বাবেই গঁড়জনী মৃত্যুৰ মুখত পৰিল। বিগত পাঁচদিন ধৰি দিশহাৰা হোৱা গঁড়জনীয়ে গোলাঘাট জিলাৰ বাতিপৰীয়া,মহিমা, দক্ষিণহেঙ্গেৰা, পদুমণি, শেনচোৱা নাওশলিয়া, আদি অঞ্চলত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। ইফালে গঁড়জনী চাবলৈ অঞ্চলসমূহৰ ৰাইজে ব্যাপক ভীৰ কৰাৰ ফলত ক্ৰমান্বয়ে আক্ৰমণাত্মক হৈ পৰিছিল গৰ্ভৱতী গঁড়জনী। যাৰ ফলত গঁড়জনীৰ আক্ৰমণত বন বিভাগৰ বিষয়াৰ লগতে সৰ্বমুঠ পাঁচজন লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল। ইফালে এইকেইটা দিনত গোলাঘাট জিলা প্ৰশাসনৰ ভূমিকাও আছিল চৰম হতাশজনক। কেৱল ১৪৪ ধাৰা জাৰি কৰাৰ বাহিৰে গঁড়জনীক সুকলমে উদ্ধাৰ অথবা কাজিৰঙালৈ ওভোটাই পথোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰিলে গোলাঘাট জিলা প্ৰশাসনে। তাৰোপৰি একাংশ কাণ্ডজ্ঞানহীন লোকে ঠাইবিশেষে গঁড়জনীক আক্ৰমণ কৰাৰ তথ্যও শেহতীয়াকৈ পোহৰলৈ আহিছে। ক্ৰমাৎ ভাগৰুৱা হৈ পৰা গঁড়জনীয়ে সোমবাৰে গোলাঘাটৰ বগৰীজেং অঞ্চলত অৱস্থান গ্ৰহন কৰিছিল যদিও শেষ মহুৰ্তত অচেতন হৈ পৰে। পাছত বনবিভাগৰ চিকিৎসকৰ দলে পৰীক্ষা কৰি গঁড়জনী মৃত বুলি ঘোষণা কৰে। গঁড়জনীৰ এনে অকাল মৃত্যুৱে এতিয়া যথেষ্ঠ প্ৰশ্নৰ অৱতাৰণা কৰিছে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত। বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ যথেষ্ট সাধন থকাৰ পাছতো গঁড়জনীৰ এনে দুৰ্ভাগ্যজনক মৃত্যুক সহজভাৱে ল'ব পৰা নাই গোলাঘাট জিলা বাসীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পাঁচটা দিনে মৰাণৰ পৰা সন্ধানহীন মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিষয়া কোনো সন্ধান লাভ নকৰিলে আৰক্ষীয়ে
পাঁচটা দিনে মৰাণৰ পৰা সন্ধানহীন মাইক্ৰফাইনেঞ্চ কোম্পানীৰ বিষয়া কোনো সন্ধান লাভ নকৰিলে আৰক্ষীয়ে
રાજ્યના ચૂંટણીમાં પ્રચારમાં વિદ્યાર્થીઓની થઇ એન્ટ્રી
રાજ્યના ચૂંટણીમાં પ્રચારમાં વિદ્યાર્થીઓની થઇ એન્ટ્રી
દાહોદ બહુ ચર્ચિત NA સ્કેમમા અધિકારીઓ ની અટક નો દોર શરૂ.....
દાહોદ બહુ ચર્ચિત NA સ્કેમમા અધિકારીઓ ની અટક નો દોર શરૂ આજે ચાર અધિકારીઓ સાથે અત્યાર સુધી કુલ 8...
घुमंतू व अर्धघुमंतु समाज की बैठक संपन्न
कोटा. कनवास क्षेत्र के धुलेट कस्बे में घुमंन्तु और अर्ध घुमंन्तु समाज की बैठक सम्पन्न हुई। जिसमे...
નેશનલ પ્રેસ એસોસીએશન પ્રદેશ પ્રમુખ હરજીભાઈ બારૈયાએ શ્રી હરિ ગૌશાળા રૂ ૨૧૦૦૦ નું અનુંદાન આપી જન્મદિવસ ઉજવ્યો .
હરજીભાઈ બારૈયા ના જન્મદિવસ નિમિત્તે શ્રી હરિ ગૌશાળામાં સુકોચારો 21000 હજાર નું અનુદાન આપી ગાયમાતા...