একাংশ জীৱশ্ৰেষ্ঠৰ জিঘাংশা আৰু বন বিভাগৰ অকৰ্মণ্যতাৰ বাবেই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে বিগত পাঁচ দিনে গোলাঘাটৰ ভিন্ন প্ৰান্তত বিচৰণ কৰা গড়জনীয়ে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ উলাই অহা গড় জনীয়ে সোমবাৰে কৰুণভাৱে মৃত্যুক আকোৱালি লয় গোলাঘাটৰ বগৰীজেং অঞ্চলত। সচেতন লোকৰ অভিযোগ অনুসৰি বন মন্ত্ৰী পৰিষদ শোক্লবৰ্ধ, বন বিভাগৰ উদ্ধতম কৰ্তৃপক্ষ তথা গোলাঘাট জিলা প্ৰশাসনৰ চৰম দ্বায়িত্বজ্ঞান হীনতাৰ বাবেই গঁড়জনী মৃত্যুৰ মুখত পৰিল। বিগত পাঁচদিন ধৰি দিশহাৰা হোৱা গঁড়জনীয়ে গোলাঘাট জিলাৰ বাতিপৰীয়া,মহিমা, দক্ষিণহেঙ্গেৰা, পদুমণি, শেনচোৱা নাওশলিয়া, আদি অঞ্চলত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। ইফালে গঁড়জনী চাবলৈ অঞ্চলসমূহৰ ৰাইজে ব্যাপক ভীৰ কৰাৰ ফলত ক্ৰমান্বয়ে আক্ৰমণাত্মক হৈ পৰিছিল গৰ্ভৱতী গঁড়জনী। যাৰ ফলত গঁড়জনীৰ আক্ৰমণত বন বিভাগৰ বিষয়াৰ লগতে সৰ্বমুঠ পাঁচজন লোক গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হৈছিল। ইফালে এইকেইটা দিনত গোলাঘাট জিলা প্ৰশাসনৰ ভূমিকাও আছিল চৰম হতাশজনক। কেৱল ১৪৪ ধাৰা জাৰি কৰাৰ বাহিৰে গঁড়জনীক সুকলমে উদ্ধাৰ অথবা কাজিৰঙালৈ ওভোটাই পথোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ নকৰিলে গোলাঘাট জিলা প্ৰশাসনে। তাৰোপৰি একাংশ কাণ্ডজ্ঞানহীন লোকে ঠাইবিশেষে গঁড়জনীক আক্ৰমণ কৰাৰ তথ্যও শেহতীয়াকৈ পোহৰলৈ আহিছে। ক্ৰমাৎ ভাগৰুৱা হৈ পৰা গঁড়জনীয়ে সোমবাৰে গোলাঘাটৰ বগৰীজেং অঞ্চলত অৱস্থান গ্ৰহন কৰিছিল যদিও শেষ মহুৰ্তত অচেতন হৈ পৰে। পাছত বনবিভাগৰ চিকিৎসকৰ দলে পৰীক্ষা কৰি গঁড়জনী মৃত বুলি ঘোষণা কৰে। গঁড়জনীৰ এনে অকাল মৃত্যুৱে এতিয়া যথেষ্ঠ প্ৰশ্নৰ অৱতাৰণা কৰিছে প্ৰকৃতিপ্ৰেমী সকলৰ মাজত। বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ যথেষ্ট সাধন থকাৰ পাছতো গঁড়জনীৰ এনে দুৰ্ভাগ্যজনক মৃত্যুক সহজভাৱে ল'ব পৰা নাই গোলাঘাট জিলা বাসীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Swati Maliwal के साथ मारपीट की खबर-सूत्र | Aaj Tak | Latest Hindi News
Breaking News: Swati Maliwal के साथ मारपीट की खबर-सूत्र | Aaj Tak | Latest Hindi News
કૌટુંબિક કે વૈવાહિક વિવાદો કોર્ટ-કચેરી સુધી ન પહોંચે અને ઘર મેળે જ સમાધાન થાય તે માટે ખાસ માર્ગદર્શન સમિતિ રચાઈ
શહેરના ન્યુ રીંગ રોડ ઉપર આવેલ મુરલીધર ફાર્મ ખાતે આહીર લીગલ ફોરમ રાજકોટની પ્રથમ કારોબારી બેઠક મળી...
નાયબ મુખ્યમંત્રી નિતીન પટેલને વિફરેલા ઢોરે લીધો અડફેટે
નાયબ મુખ્યમંત્રી નિતીન પટેલને વિફરેલા ઢોરે લીધો અડફેટે
कप्तान का जल्दी खुलासा का दावा हवा हवाई
जनपद जौनपुर के थाना शाहगंज में,कप्तान का जल्दी खुलासा का दावा हवा हवाई निकला।मालूम होकि जनपद...
૧૨૮-હાલોલ વિધાનસભા માટે ઉમેદવાર તેમના નામની દરખાસ્ત ૧૭મી નવેમ્બર સુધી મોકલી શકશે.
ગુજરાત વિધાનસભા સામાન્ય ચૂંટણી-૨૦૨૨
૧૨૮- હાલોલ વિધાનસભા માટે ઉમેદવાર તેમના...