জনসমুদ্ৰৰ মাজেদি সফল সামৰণি পৰিল TMPKৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু অষ্টম মিচিং যুৱ মহোৎসৱ 

 চতুৰ্থ দিনাৰ মুকলি সভাত লোকে লোকাৰণ্য হৈ পৰিল গোগামুখৰ নাহৰবাৰী চুমনি পথাৰ

উখল -মাখল পৰিৱেশ

জাতি জনগোষ্ঠীৰ মহামিলনত সমন্বয়ৰ ক্ষেত্ৰতলৈ পৰ্যবসিত হ'ল চুমনি পথাৰ

কি গ্ৰন্থ মেলা,কি বস্থ মেলা সকলোতে গ্ৰাহকৰ বিৰ

গুমৰাগ,চেল্লয়া নৃত্য,মিবু দাগনাম আৰু ঐনিতমৰ ছন্দত মুখৰিত হৈ পৰে চুমনি পথাৰ

মুকলি সভাত লাডাকৰ প্ৰখ্যাত বিজ্ঞানী সুনাম সুৱাংচুৱে শিক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ ওপৰত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ড: ৰণোজ পেগু,ঢকুৱাখনা বিধান সভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, মাজুলী সমষ্টিৰ বিধায়ক ভুৱন গাম, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা,প্ৰাগ নিউজ চেনেলৰ মূখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইদৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তি।