আজি ৰাজ্যত বিশ্বমহাবীৰ ৫১৩তম্ দিৱস উদযাপন কৰাৰ লগতে ৰহাতো আক্ৰাছুৰ নগাঁও জিলা সমিতিৰ উদ্যোগ ত আৰু ৰহা আঞ্চলিক ৰ সহযোগত দুদিনীয়া ৫১৩তম্ চিলাৰায় দিৱস ৰ  শুভাৰম্ভ বীৰ গৰাকীৰ প্ৰতিমূৰ্তি ৰ মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে কৰা হয়।

এই উপলক্ষে আজি দিনৰ ১১বজাত ৰহা পণ্ডিত গোপীনাথ বৰদলৈ হাইস্কুল স্থিত ড° ভূপেন হাজৰিকা মঞ্চ ত আক্ৰাছু নগাঁও জিলা সমিতিৰ উপ সভাপতি পংকজ বৰা দ্বাৰা স্ব জনগোষ্ঠীয় পতাকা আৰু সভাপতি শিৱ নাৰায়ণ বৰাই সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ পতাকা উওোলন কৰাৰ লগতে ৰহা আঞ্চলিক আক্ৰাছু সভাপতি দিপুমনি বৰা বন্তি প্ৰজ্বলন আৰু বিশ্বমহাবীৰ চিলাৰায় ৰ প্ৰতিমূৰ্তি ত মাল্যাৰ্পন কৰে আক্ৰাছু নগাঁও জিলা সমিতিৰ মুখ্য উপদেষ্টা সুভাষ ডেকা।শ্বহীদ তৰ্পন ৰহা আঞ্চলিক আক্ৰাছুৰ বিত্ত সম্পাদক মুকুট ডেকাই কৰি দুদিনীয়া বিশ্বমহাবীৰ চিলাৰায় দিৱস ৰ শুভাৰম্ভ কৰে।

দ্বিতীয় দিন ৬ ফেব্ৰুৱাৰী ৰ পূবা ১০ বজাত লোক সংস্কৃতি প্ৰদৰ্শন।১বজাৰ পৰা আক্ৰাছু নগাঁও জিলা সমিতিৰ সভাপতি শিৱ নাৰায়ণ বৰা ৰ সভাপতিত্বত আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা ৰ সাংগঠনিক সম্পাদক ৰাতুল কুমাৰ ৰাজবংশী ৰ আদৰনি ভাষনৰে  মুকলি সভা অনুষ্ঠিত হব।সভাত নিদিষ্ট বক্তা ৰুপে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ইন্দ্ৰজিৎ বেজবৰুৱা, বিশিষ্ট বক্তা ৰুপে আক্ৰাছু কেন্দ্ৰীয় সমিতিৰ সভাপতি ক্ষীতিশ বৰ্মন,তিবা স্বায়ত্ব পৰিষদ, মৰিগাঁও ৰ সদস্য অজিত কুমাৰ ডেকা উপস্থিত থকাৰ লগতে কেইবাজনো আমন্ত্ৰিত অতিথি ৰুপে উপস্থিত থাকিব।বিয়লী৪ বজাৰ পৰা গীতৰে বিয়লি বেলা শিৰ্ষক সংগীতানুষ্ঠান অনুষ্ঠিত হব।সংগীতানুষ্ঠানত বন্দিতা বৰুৱা, প্ৰাপ্তি এইচ বৰুৱা, প্ৰশান্ত ৰুদ্ৰাক্ষ, দূৰ দিগন্ত আৰু পিনাৰাগ উপস্থিত থাকিব।