সাহিত্যৰথি লক্ষ্মীনাথ বেজবৰুৱা ৰ জন্মস্থান আহঁতগুৰি নিবাসী,জৈষ্ঠ সাংবাদিক, সমাজকৰ্মী,প্ৰাক্তন শিক্ষক নোমল দাসৰ ব্যক্তিত্ব শীৰ্ষক গ্ৰন্থ অভিনন্দন ৰ আজি  উন্মোচন কৰা হয়।

     জৈষ্ঠ সাংবাদিক নোমল দাসৰ নিবাস স্থানত আজি দিনৰ ১১বজাত জৈষ্ঠ নাগৰিক বিষ্ণু ৰাম ডেকাৰ সভাপতিত্বত আৰু গ্ৰন্থ সম্পাদক গিৰিন্দ্ৰ নাথ ৰ উদ্দেশ্য ব্যাখ্যা ৰে অনুষ্ঠিত হোবা গ্ৰন্থ উন্মোচনী সভাত মুনীন্দ্ৰ কুমাৰ বৰদলৈ,গিৰি চন্দ্ৰ নাথ ৰ সম্পাদনা আৰু নোমল দাসৰ দুই কন্যা আৰাধনা আৰু প্ৰস্তুতি দাসৰ সম্পাদনা  ব্যবস্থাপনা ত প্ৰকাশিত  জৈষ্ঠ সাংবাদিক, প্ৰাক্তন শিক্ষক নোমল দাসৰ ব্যক্তিত্ব শীৰ্ষক গ্ৰন্থ অভিনন্দন ৰ উন্মোচন লেখক,শিক্ষলক্ষীপ্ৰসাদ ডেকাই কৰি সভা সম্বোধন কৰে।

  ঘোষাৰে আৰম্ভ হোবা গ্ৰন্থ উন্মোচনী সভাত গিৰিন্দ্ৰ নাথ আৰু শিশু ৰাম শকীয়াই কবিতা পাঠ কৰাৰ লগতে সভাত বিশিষ্ট অতিথি ৰূপে ধৰমতুল জৈষ্ঠ নাগৰিক ৰ সভাপতি চন্দেশ্বৰ কোঁৱৰ, সম্পাদক ধীৰেন্দ্ৰ নাথ বৰা,প্ৰবীণ নাট্য শিল্পী জতীন্দ্ৰ নাথ ডেকা,আহঁতগুৰি শতদল শাখা সাহিত্য সভাৰ উপ সভাপতি জালিৰাম বৰদলৈ, প্ৰাক্তন সম্পাদক শিশু ৰাম শইকীয়া,আহঁতগুৰি অগ্ৰদূত নাট্য সমাজৰ  সম্পাদক বিজু কুমাৰ দাস, ৰহা আঞ্চলিক সাংবাদিক সন্থা ৰ সভাপতি দীপক কুমাৰ শৰ্মা,সাংবাদিক দীপক দাসে সভা সম্বোধন কৰে। নোমল দাসৰ কন্যা আৰাধনা দাসৰ শলাগৰ শৰাই আৰু সভাপতি ৰ সম্বোধন ৰ পাছত সমাপন হোবা সভাত সাংবাদিক ফুনু শৰ্মা,চয়েল  খেতানৰ লগতে নোমল দাসৰ পত্নী,কন্যা,পৰিয়ালবৰ্গৰ লগতে গনমান্য ব্যক্তি উপস্থিত আছিল।