জনসাধাৰণৰ ওজৰ-আপত্তি নিষ্পত্তিৰ অৰ্থে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ বিশেষ পদক্ষেপ

 এতিয়াৰে পৰা চৰাইদেউ জিলাৰ জনসাধাৰণে নিজ নিজ ওজৰ-আপত্তিৰ বিষয়ে অৱগত কৰাৰ বাবে আৰু এইসমূহৰ ক্ষিপ্ৰ নিষ্পত্তিৰ বাবে এক সুন্দৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। 

আৰক্ষী অধীক্ষক যুৱৰাজে জাৰি কৰা এক নিৰ্দেশ অনুসৰি জিলাখনৰ ছগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ প্ৰতিগৰাকীয়ে সপ্তাহৰ একোটা দিনত আগবেলা ১১:৩০ বজাৰ পৰা দুপৰীয়া ১:৩০ বজালৈ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জনসাধাৰণৰ সৈতে মত-বিনিময় কৰিব আৰু তেওঁলোকৰ ওজৰ-আপত্তিৰ বিষয়ে বিতংকৈ বুজ লৈ সেইসমূহৰ নিষ্পত্তিৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। 

উক্ত আদেশ মৰ্মে, আৰক্ষী অধীক্ষক গৰাকীয়ে সোমবাৰে, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) -এ মঙলবাৰে, অতিৰিক্ত আৰক্ষী অধীক্ষক (সুৰক্ষা আৰু চোৰাংচোৱা) -এ বুধবাৰে, অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) -এ বৃহস্পতি বাৰে, উপ আৰক্ষী অধীক্ষক (সীমান্ত) -এ শুক্ৰবাৰে আৰু সোণাৰিৰ চক্ৰ পৰিদৰ্শকে শনিবাৰে জনসাধাৰণৰ সৈতে মত-বিনিময় কৰি তেওঁলোকৰ ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। 

যদি কোনোবা দিনা নিৰ্দেশত উল্লেখিত বিষয়াগৰাকী ছুটিত থাকে বা কাৰ্যালয়ৰ বাহিৰত দায়িত্বত থাকে, তেনেস্থলত পৰৱৰ্তী দিনৰ বাবে নিয়োজিত বিষয়াগৰাকীয়ে এই ক্ষেত্রত প্ৰয়োজনী কৰ্ম সম্পাদন কৰিব। 

তদুপৰি, প্ৰতিদিনে দায়িত্বপ্ৰাপ্ত বিষয়া গৰাকীয়ে প্ৰাপ্ত ওজৰ-আপত্তিৰ নিষ্পত্তিৰ বাবে বিধিগত পদক্ষেপ গ্ৰহণ কৰিব আৰু এই সম্পৰ্কে প্ৰতিবেদন আৰক্ষী অধীক্ষকক প্ৰতিদিনে দাখিল কৰিব।