চৰাইদেউ জিলাত গ্ৰেপ্তাৰ হল ৬৫ জন অবৈধ গিৰিয়েক

ৰাজ্য খনত বাল্যবিবাহ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পাছতে চৰাইদেউ জিলাত আৰক্ষী প্ৰশাসন তৎপৰ হৈ পৰিছে। জিলাখনত বাল্যবিবাহ পাশত আৱদ্ধ হোৱা সকলৰ বিৰুদ্ধে ৰুজু হৈ থকা গোচৰৰ সংখ্যা ৭৮ টা। এই গোচৰৰ আধাৰত চৰাইদেউ জিলা আৰক্ষীয়ে ৬৫ জন অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে আৰু বাকীসকলকো আটক কৰিবলৈ তৎপৰ হৈ পৰিছে বুলি জানিব দিছে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক যুৱৰাজ সিঙে। উল্লেখযোগ্য যে এই আটকাধীন লোকসকলক আজি চৰাইদেউ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত আটাইকে চৰাইদেউ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।