সোণাৰিত যক্ষ্মা ৰোগীক অ এন জি চিৰ খাদ্য সামগ্ৰী বিতৰণ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যক্ষ্মা ৰোগী সকলক সহায়ৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনায় আজি তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ তৰফৰ পৰা চৰাইদেউ জিলাৰ দৰিদ্ৰ যক্ষ্মা ৰোগী সকলৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে। এই উপলক্ষে আজি সোণাৰি স্থিত চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ প্ৰাংগণত এক অনুষ্ঠানৰ আয়োজন কৰা কৰা হয়। স্বাস্থ্য কৰ্মী মৃত্যুঞ্জয় দাসে আঁতধৰা অনুষ্ঠানটোত চৰাইদেউ জিলাৰ যুটীয়া সঞ্চালক ডাঃ চৈয়দ তফিক হুছেইন, অতিৰিক্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ হেমন্ত বাইলুং, ভাৰপ্ৰাপ্ত জিলা যক্ষ্মা বিষয়া ডাঃ কল্পনা বৰুৱা, ডি পি এম অভিজিত শৰ্মা, পি পি এম সমন্বয়ক জ্যোতিস্মিতা হাজৰিকা আৰু অ এন জি চিৰ কৰ্মচাৰী সকলে চৰাইদেউ জিলাৰ চাহ বাগিচা সমূহৰ পৰা অহা শতাধিক দৰিদ্ৰ যক্ষ্মা ৰোগী সকলৰ মাজত পুষ্টিকৰ খাদ্য সামগ্ৰীৰ একোটাকৈ টোপোলা বিতৰণ কৰে।