মৰাণৰ কেইবাখনো গাঁৱত ভয়াৰূপ ৰূপত সংক্ৰমণ হৈছে ডায়েৰিয়াসদৃশ ৰোগে ৷ ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণৰ দলপা, দক্ষিণ বৰপথাৰ, নলনি, নলনিবাম, নলনিপথাৰ আদি গাঁৱত বিগত প্ৰায় এটা সপ্তাহত বহু লোক আক্ৰান্ত হোৱাৰ বাতৰি পোৱা গৈছে ৷ বহুকেইগৰাকী আক্ৰান্ত বৰ্তমান চিকিৎসাধীন হৈ আছে ৷ মৰাণ তিলৈ সামূহিক স্বাস্থ্যকেন্দ্ৰত বুধবাৰে ভৰ্তি কৰা হৈছে চাৰিগৰাকী ডায়েৰিয়াসদৃশ ৰোগত আক্ৰান্ত ৰোগীক ৷ বমি, শৌচ আৰু মূৰৰ বিষত আক্ৰান্ত হৈছে লোকসকল ৷ তদুপৰি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈও কেইবাগৰাকীও ৰোগী প্ৰেৰণ কৰাৰ বিষয়ে জানিবলৈ দিছে অঞ্চলটোৰ ৰাইজে ৷ ৰোগীৰ অভিভাৱকসকলে জানিবলৈ দিয়া অনুসৰি নলনি পথাৰ আৰু দক্ষিণ বৰপথাৰ গাঁৱৰ ৪ আৰু ১০ বছৰীয়া দুগৰাকী কন্যা শিশু আৰু ৭৮ বছৰীয়া এজন বৃদ্ধ ডায়েৰিয়াসদৃশ ৰোগত আক্ৰান্ত হৈ বিগত এটা সপ্তাহৰ ভিতৰতে মৃত্যু হৈছে ৷ অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে স্বাস্থ্য বিভাগৰ পৰা কোনো নিশ্চিত তথ্য লাভ কৰা নাই ৷ কিন্তু ডায়েৰিয়াৰ ব্যাপক সংক্ৰমণে অঞ্চলটোৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে ৷ শীঘ্ৰে অঞ্চলটোত স্বাস্থ্য বিভাগৰ দ্বাৰা ব্যৱস্থা গ্ৰহন কৰিবলৈ ৰোগীৰ অভিভাৱকসকলে আহ্বান জনাইছে ৷

Sponsored

ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा

ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं