টিংখাং তিনি আলি বাগানৰ পৰা বুধবাৰে উদ্ধাৰ হোৱা মৃত বাঘটোৰ আজি পুৱা আঞ্চলিক বন বিষয়াৰ কাৰ্য্যলয় প্ৰাঙ্গনত সৎকাৰ কৰা হয়। ইয়াৰ পূৰ্বে চিকিৎসকৰ দল এটাই মৃত নাহৰ ফুটুকী বাঘটোৰ মৰণোত্তৰ পৰীক্ষা কৰে। উল্লেখযোগ্য যে টিংখাঙ তিনি।আলিচাহ বাগিচাত বুধবাৰে নাহৰ ফুটুকী বাঘটোৰ মৃতদেহ বাগিচাত কৰ্মৰত শ্ৰমিকে প্ৰত্যক্ষ কৰে । অন্য বাঘৰ আক্ৰমণত আঘাত প্ৰাপ্ত হৈ নিহত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
মৰাণৰ টিং খং তিনি আলি চাহ বাগিচাত উদ্ধাৰ হোৱা মৃত নাহৰ ফুটুকীবাঘৰ খোৱাং আঞ্চলিক বন বিষয়া কাৰ্য্যালয় প্ৰাঙ্গণত সৎকাৰ সম্পন্ন।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/02/nerity_75eeaf2d3a0563d851b1ba45bd3ec411.jpg)