পুনৰ বিদ্যুতৰ মাচুল বৃদ্ধি কৰাক লৈ সৰৱ আছু, ৰাজ্যজুৰি সাব্যস্ত কৰিব প্ৰতিবাদ ৷

১ ফেব্ৰুৱাৰীৰ পৰা বিদ্যুত বিভাগে পুনৰ সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন মাৰি ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ সিদ্ধান্ত লৈছে ৷ 

ঘাটি বাজেটৰ বুজা সাধাৰণ জনতাৰ মূৰত জাপিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থা ৷ 

আজি তিনিচুকীয়াত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিদ্যুত বিভাগৰ পৰিচালন সঞ্চালকলৈ সকীয়নি প্ৰদান কৰি অনতিপলমে পুনৰ ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধি কৰিবলৈ লোৱা সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই ।

ইফালে, শক্তি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাক পুতলা মন্ত্ৰী আখ্যা দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই  বিভাগ পৰিচালনা কৰি থকা বুলিও মন্তব্য  শংকৰজ্যোতি  বৰুৱাৰ ।

 বিদ্যুত বিভাগৰ দৰে এটা লাভজনক বিভাগে মাথোঁ ভালদৰে চলাব নজনাৰ কাৰণে ঘাটি বাজেটৰ সৃষ্টি হৈছে , প্ৰয়োজন হ’লে বিভাগীয় মন্ত্ৰীক সালসলনি কৰক বুলিও মন্তব্য আছুৰ সম্পাদক গৰাকীৰ ।

আনহাতে, ঘৰুৱা বিদ্যুতৰ মাচুল বৃদ্ধিৰ কাৰণে ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থাই কাইলৈ ৰাজ্যজুৰি জিলাই জিলাই বিদ্যুত বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ জিলা সমিতিসমহূক আহ্বান জনোৱা বুলি জানিবলৈ দিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷