সোণাৰিত ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণ দিৱস পালন

অসম ৰাজ্যিক কুষ্ঠ নিবাৰণ কোষৰ উদ্যোগত আৰু চৰাইদেউ জিলা কুষ্ঠ নিবাৰক সমিতিৰ সহযোগত আজি সোণাৰিৰ সমীপৰ নাফুক চাহ বাগিচাত মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু তিথি ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণ দিৱস হিচাপে পালন কৰা হয়। নাফুক চাহ বাগিচা পূজা ফিল্ডত অনুষ্ঠিত হোৱা দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে মহাত্মা গান্ধীৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত অভিজিত গগৈয়ে। ডাঃ জ্যোতি শ্যামে আদৰণি ভাষণ দিয়ে পিছতে আজিৰ দিৱসৰ উদ্দেশ্য, তাৎপৰ্য আদিৰ সম্পৰ্কে ভাষণ দিয়ে চৰাইদেউ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৌফিক হুছেইনে। স্বাস্থ্য কৰ্মী মৃত্যুঞ্জয় দাসে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ৰাজ্যিক কুষ্ঠ নিবাৰণ শাখাৰ যুটীয়া সঞ্চালক ডাঃ চিন্তাৰাম হাজৰিকা, কনছালটেন্ট ডাঃ নয়ন কুমাৰ দাস আদিয়ে কুষ্ঠ ৰোগৰ বিষয়ে ভাষণ দিয়াৰ লগতে ইয়াক নিৰ্মূল কৰিবৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে বক্তব্য ৰাখে। নাফুক চাহ বাগিচাৰ শিল্পী সকলে নৃত্য, গীত আদিৰ পিছত সামৰণি পৰে অনুষ্ঠানটোত সলাগৰ শৰাই আগবঢ়ায় চৰাইদেউ জিলাৰ জিলা আঁচনি পৰিচালক(ডি পিএম) অভিজিত শৰ্মাই।