বিধিয়ে দিলেও যেন বিধাতাই নিদিয়ে । চৰকাৰে দৰিদ্ৰ পৰিয়ালক দিয়া আবাস গৃহতোটো ঠিকাদাৰে চলাইছে লুণ্ঠন । এই দৃশ্য মৰাণৰ । 

 ডিব্ৰুগড় জিলাৰ মৰাণ বিধান সভা সমষ্টিৰ বামুনবাৰী গাওঁপঞ্চায়তত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীয়ে। অভিযোগ অনুসৰি বামুনবাৰী গাওঁপঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ বৰলাইনত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ ঠিকাদাৰে অতি নিম্ন মানদণ্ডৰ কাম কৰিছে । লগতে হিতাধিকাৰীয়ে গম নোপোৱাকৈ আবাস যোজনাৰ গৃহৰ ধন বেংকৰ পৰা ঠিকাদাৰে উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে ।  আনহাতে ঠিকাদাৰে নিৰ্মাণ কৰা বাসগৃহ সমূহ ইমানেই নিম্ন মানদণ্ডৰ কাম কৰিছে যে নিৰ্মাণৰ সম্পূৰ্ণ হোৱাৰ পিছতে পকা ইটাৰ জইনৰ মাজত ফাট মেলিছে । খুটাৰ চিমেণ্ট মিশ্ৰিত শিল বালিৰ প্ৰলেপ এৰি ওলাইছে ৰ'ড, টিনপাত দিয়াৰ স্বত্বেও বৰষুণ পৰে ভিতৰত । মুঠৰ ওপৰত ব্যাপক বিসংগতিয়ে চানি ধৰিছে মৰাণ বামুণবাৰীৰ প্ৰধানমন্ত্ৰীৰ আবাস গৃহ যোজনাত। স্থানীয় লোকৰ অভিযোগ বামুনবাৰী পঞ্চায়তৰ সভানেত্ৰী আৰু ঠিকাদাৰে মিলি হিতাধিকাৰীৰ ধন আত্মসাত কৰাৰ ফন্দি পাতিছে ।