মুখ্যমন্ত্ৰীয়ে বিবাহৰ সময় আৰু সন্তান জন্মৰ ওপৰত কৰা মন্তব্যক তীব্ৰ সমালোচনা কৰিছে প্ৰাক্তন মন্ত্ৰী এতোৱা মুণ্ডাই । মৰাণৰ সমীপৰ হালমাৰী চাহ বাগিচাত এখন ফুটবল খেলত উপস্থিত থাকি মুখ্যমন্ত্ৰীক উভতি ধৰে কংগ্ৰেছৰ প্ৰাক্তন কেবিনেট মন্ত্ৰীজনে । তেওঁ কয় যে আজমল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি । দুয়োজনে একে ধৰণৰ মন্তব্য কৰে । প্ৰাপ্তবয়স্ক ল'ৰা বা ছোৱালী এগৰাকীয়ে কেতিয়া বিয়াত বহিব আৰু কেতিয়া সন্তান জন্ম দিব সেয়া তেওঁলোকৰ সিদ্ধান্ত বুলি উল্লেখ কৰি এই বিলাকত মুখ্যমন্ত্ৰীক গুৰুত্ব নিদিবলৈ আহ্বান জনায় তেওঁ । মুণ্ডাই কয় যে ল'ৰা-ছোৱালীক ধোমাধোম বিয়া পাতিবলৈ লগাই দি মুখ্যমন্ত্ৰীয়ে জনসংখ্যা বঢ়োৱাৰ পৰিকল্পনা কৰিছে । পাৰিলে মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰক আৰু নিবনুৱাক সংস্থাপনৰ ক্ষেত্ৰত চিন্তা কৰক বুলি প্ৰাক্তন মন্ত্ৰীজনে মন্তব্য কৰে ।