তমুলপুৰৰ উত্তৰাঞ্চলৰ যাতায়তৰ গতি সুচল কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে বিগত দিনত বিকাশৰ এটা পষেক কাৰ্যসূচীৰ দ্বাৰা মটঙা আৰু বাল্টি নৈৰ ওপৰত আৰম্ভ কৰা দলং নিৰ্মাণৰ কাম ক্ষিপ্ৰগতিত চলি থকাৰ সময়তে আজি হঠাৎ দুয়োটা স্থান পৰিদৰ্শন কৰে বি টি আৰৰ কাৰ্যবাহী সদস্য ধৰ্ম নাৰায়ণ দাসে। বৃহত্তৰ কাউলী অঞ্চলৰ দুয়ো দিশে থকা নৈ দুখনৰ ওপৰত বিগত দিনত কোনো এখন পকী দলং নথকাত দৈনন্দিন জীয়াতো ভুগি অহাৰ লগতে বাঢ়নী পানীত উটি গৈ মৃত্যুমুখত পৰিছিল বহু লোক। বহু প্ৰতিবাদ আৰু আন্দোলনৰ অন্তত দুয়োখন নদীত আৰম্ভ হোৱা পকী দলং দুয়োখনত সম্পূৰ্ণ কৰাত ব্যয় হব প্ৰায় ২৮ কোটি টকা। আজি কাৰ্যবাহী গৰাকীয়ে সেই স্থান পৰিদৰ্শন কৰি বিভাগীয় লোকৰ সৈতে মত বিনিময় কৰি বুজ লয় ইয়াৰ খতিয়ান। কাৰ্যবাহী গৰাকীয়ে পৰিদৰ্শন কালছোৱাত সংগ দিয়ে ভি চি ডি চি ৰ অধ্যক্ষৰ লগতে দলীয় কর্মী সকলে। অহা বাৰিষাৰ আগমুহূর্তে দুয়োখন নৈৰ তলৰ কাম সম্পূৰ্ণ হব বুলি কাৰ্যবাহী গৰাকীয়ে জনাই মুখ্যমন্ত্ৰীয়ে বৃহত্তৰ অঞ্চলটোৰ প্ৰতি জনৰ দি অতি ক্ষিপ্ৰতাৰে কাম আৰম্ভ কৰাক লৈ ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ যে ইয়াৰ পূৰ্বেও ৰাজ্যত কংগ্ৰেছ আৰু বি টি আৰত বিপিএফনেতৃত্বাধীন চৰকাৰে ভূটান পাহাৰৰ পৰা বৈ অহা মটঙা নৈৰ ওপৰত বৃহৎ বৃহৎ হিউমেন পাইপ বহুৱাই দলং নিৰ্মান কৰিব বিচাৰিছিল যদিও বিভিন্ন কাৰণত সেই কাম আধাতে স্তব্ধ হৈ পৰাত মৰণক শৰণ দিয়ে বৃহত্তৰ ৰাইজে অব্যাহত ৰাখিছিল যাতায়ত। অৱশেষত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্ব নৈ দুখন নিৰ্মাণৰ হেতুকে আনুষ্ঠানিক ভাৱে স্থাপন কৰিছিল আধাৰশিলা। লগতে ঘোষণা কৰিছিল এতিয়াৰ পৰা কোনো লোকে পানীৰ মাজেৰে পাৰ হব নালাগে নদী। আৰু তাৰ পিছতেই এতিয়া বিজ্ঞান সন্মত ভাৱে আৰম্ভ হোৱা নৈ দুখনৰ ওপৰত দলং নিৰ্মাণৰ কামক লৈ আনন্দিত হৈ পৰিছে অঞ্চল বাসীও।অতি শীঘ্ৰেই নৈ দুখন সম্পূৰ্ণ হোৱাৰ কথা ব্যক্ত কৰি ধৰ্ম নাৰায়ণ দাসে প্ৰতিটো মুহূৰ্ততে ইয়াৰ নজৰ ৰাখিব বুলি গুৰুত্বপূৰ্ণ মন্ত্যৱ আগবঢ়াই সাংবাদিকৰ আগত।
অহা বাৰিষাৰ পূৰ্বেও ৫০ শতাংশ কাম সম্পূৰ্ণ হব ২৮ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মান কাৰ্য চলি থকা তামুলপুৰৰ উত্তৰাঞ্চলৰ মটঙা আৰু বাল্টি নৈৰ কাম
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/01/nerity_397e8715fadf15f2c20f204d7ef82474.jpg)