আধুনিক সাজ পোছাক পিন্ধিলেই মানুহ আধুনিক নহয়৷ এলান্ধু বৰণীয়া মন লৈ এচাম লোকে নিজকে আধুনিক বুলি পৰিচয় দিয়া দেখা যায়৷ শিক্ষাই মানুহৰ যিমানেই উন্নতি সাধন কৰিছে, সিমানেই যেন নোহোৱা হৈ গৈছে মানুহৰ মনৰ মানৱতা, উচিত অনুচিতৰ বিচাৰ৷ এতিয়াৰ মানুহ অমানুহ বুলি কোৱা প্ৰায়ে শুনিবলৈ পোৱা যায় ৷ কিছুদিন পূৰ্বে ঢকুৱাখনা সদৰ থানাৰ অন্তগৰ্ত দুলিয়া গাঁও তিনিআলিত অৱস্থিত ঢকুৱাখনা চাৰিকড়ীয়া বাৰৰ সন্মুখত সংঘটিত হৈছিল এক নিৰ্লজ্জ কাণ্ড । এই নিৰ্লজ্জ কাণ্ড গোপন কেমেৰাত আবদ্ধ কৰি ৰাখিছিল কোনো অগ্যত লোকে ৷ পাছত কিশোৰ ছাত্ৰক ওপৰত মৰেল পুলিচগিৰি চলোৱা সমগ্ৰ খবৰ সামাজিক মাধ্যমৰ লগতে সংবাদমাধ্যমত প্ৰকাশ পোৱাতহে মূল অভিযুক্ত ঢকুৱাখনা চাৰিকড়ীয়া বাৰৰ স্বত্বাধিকাৰী ঢকুৱাখনা দুলীয়া গাঁৱৰ বলিন বৰুৱাৰ পুত্ৰ দুলু বৰুৱা ওৰফে ধুনুক আটক কৰে সদৰ আৰক্ষীয়ে ৷ পাছত মুল অভিযুক্ত হিচাপে পৰিচিত দুলুমণিক আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । ইপিনে ঘটনাটোৰ লগত যৰিত আন কেইগৰাকীমান উদণ্ড যুৱকৰ নাম এতিয়াও পোহৰলৈ অহা নাই । এই ঘটনাই সমগ্ৰ অসমৰ মানৱ জাতিক লজ্জানত কৰাৰ লগতে তেনে বৰ্বৰ কাৰ্যৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰিছে অসমীয়াই ৷ খবৰ অনুসৰি চুৰিকাণ্ডৰ অভিযোগত ছজন ছাত্ৰক প্ৰহাৰ কৰাৰ কথা স্বীকাৰ দুলু বৰুৱাৰ । ঢকুৱাখনাৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ বুলি জানিব পাৰা গৈছে । ইপিনে ঘটনাটো গাপ দিয়াৰ নামত গাওঁৰক্ষী বাহিনীয়েহে ছাত্ৰকেইজনৰ পৰিয়ালৰ পৰা টকা লোৱাৰ বিস্ফোৰক অভিযোগ উথাপন কৰিছে দুলুমণিয়ে । বৰ্তমান অভিযুক্ত দুলুৰ জিম্মাৰ পৰা ২ লাখ ৯১ হেজাৰ টকা জব্দ কৰিছে ঢকুৱাখনা সদৰ আৰক্ষীয়ে ৷ ছাত্ৰকেইজনে চুৰি কৰাৰ অপৰাধৰ বাবে তেওঁলোকৰ পৰিয়ালৰ পৰা লৈছিল এই জব্দকৃত টকাখিনি। অভিযোগৰ অনুসৰি ঢকুৱাখনা সদৰ আৰক্ষী থানাত 11/2023- 294, 395, 384, 387, 34 অধীনত এক কেছ ৰুজু হৈছে দুলুমণিৰ ওপৰত ৷ লক্ষ্যনীয় বিষয় এইটোৱেই যে আইন এখন থকা পাছতো যে এইখন অসমতে কিশোৰ স্কুলীয়া ছাত্ৰ কেইজনক আঠুকঢ়াই কাণত ধৰাই নিৰ্মমভাৱে প্ৰহাৰ ঘটনাই সমগ্ৰ ঢকুৱাখনাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । এই সমগ্ৰ ঘটনাক একেমুখে ধিক্কাৰ দিছে সমগ্ৰ ঢকুৱাখনাবাসীৰ লগতে বিভিন্ন দল সংগঠনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अवैध खनन का निरीक्षण करने जा रहे IAS Yash Jaluka पर जानलेवा हमला करने वाले कौन हैं?
अवैध खनन का निरीक्षण करने जा रहे IAS Yash Jaluka पर जानलेवा हमला करने वाले कौन हैं?
रोलर स्केटिंग में अवधेश गुर्जर ने जीता सिल्वर मेडल
12वीं कोटा जिला रोलर स्केटिंग प्रतियोगिता में अवधेश गुर्जर ने सिल्वर मेडल जीतकर अपनी प्रतिभा का...
सुनीता विज्ञान प्रदर्शन का हुआ आयोजन.
पांढुर्ना. सीबीएसई स्कूल रामशांति विद्या मंदिर में भूतपूर्व प्राचार्य स्वं. सुश्री...
अतिरिक्त जिला कलक्टर ने रात्रि चौपाल में सुनी आमजन की समस्याएं
बाड़मेर. अतिरिक्त जिला कलक्टर राजेन्द्रसिंह चांदावत ने सेड़वा तहसील के केकड़ ग्राम पंचायत मुख्यालय...
Breaking News: Uttar Pradesh के पीलीभीत में सड़क हादसे में 5 लोगों की मौत | Aaj Tak Hindi News
Breaking News: Uttar Pradesh के पीलीभीत में सड़क हादसे में 5 लोगों की मौत | Aaj Tak Hindi News