শ্বাহৰুখ খানৰ বলিউডী ছবি পাঠানক লৈ ৰাজনৈতিক গৰম বতাহ বলি থকা সময়তে আজি মুক্তি লাভ কৰিছে অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ আধাৰত তৰালী শৰ্মাৰ সংগীতেৰে সমৃদ্ধ মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া বোলছবি "অনুৰ"। বোলছবি খনে সৃষ্টি কৰা ব্যাপক আগ্ৰহৰ পৰিপ্ৰেক্ষিতত আজি মুক্তিৰ দিনা সোণাৰিৰ কল্পনা চিনেমাগৃহত বোলছবিখন প্ৰদৰ্শিত হয়। সংগীত পৰিচালিকা তৰালী শৰ্মা আৰু সাজসজ্জাৰ দ্বায়িত্বত থকা গৰিমা শইকীয়া গাৰ্গে অলপতে সোণাৰিত বোলছবিখনৰ প্ৰচাৰ চলাই যোৱাৰ পাছত আজি সোণাৰিত মুক্তিৰ দিনা সন্তোষজনক দৰ্শকৰ উপস্থিতি দেখা যায়। বোলছবি খনি প্ৰদৰ্শিত হোৱাৰ পূৰ্বে আজি কল্পনা চিনেমাগৃহত শুভমুক্তি উপলক্ষত আয়োজন কৰা এক অনুষ্ঠানত সোণাৰিৰ সন্তান তথা বোলছবি খনৰ পৰিচালক মঞ্জুল বৰুৱাৰ অনুস্থিতিত তেওঁৰ মাতৃ পূৰ্ণিমা বৰুৱা আৰু পত্নী মিতালী বৰুৱাৰ উপস্থিতিত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাৱেদ আৰমানে এটি কেক কাটি বোলছবি খনৰ শুভমুক্তিৰ দিন উদযাপন কৰে। অনুষ্ঠানটোতৰাজীৱ কটকী, টংকেশ্বৰ কোঁৱৰ, বিপিন চলিহা, ড° ৰীতা দত্ত, গোলাপ বৰগোঁহাই, গুণ ভূঞা আৰু কেবাগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। মনকৰিবলগীয়া এয়ে যে, আজি দৰ্শক হিচাপে উপস্থিত থকা গৰিষ্ঠ সংখ্যক ছাত্র ছাত্ৰীয়ে এখন সুন্দৰ বোলছবি বুলি অনুৰ প্ৰশংসা কৰাৰ সমান্তৰাল ভাৱে ভিন্ন বয়স গোটৰ ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকে একে আষাৰে বহু দিনৰ বিৰতিত এখন উপভোগ্য বোলছবি অসমৰ ছবিগৃহলৈ আহিছে বুলি মত প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બે સગા ભાઈઓની હત્યામાં પોલીસની ટીમોએ કુલ 12 હત્યારાઓની અટકાયત કરાઈ
સુરેન્દ્રનગર જીલ્લાના ચુડા તાલુકાના સમઢીયાળા ગામના વતની ફરીયાદીશ્રી નાઓની વડીલોપાર્જીત જમીન આ...
बॉडीकॉन ड्रेस में नोरा ने लूटी महफिल और मोनालिसा का हॉट अंदाज, पढ़ें आज का सेलिब्रिटी अपडेट
छोटे पर्दे से लेकर बड़े पर्दे तक के कलाकारों के बारे में जानने के लिए फैंस अक्सर एक्साइटेड रहते...
How do government deal with the prohibits the desecration of national flag?
The prevention of insult to national Honour Act. Act suggest us to protect the honour of national...
6000mAh बैटरी वाला Samsung Galaxy M35 5G हुआ लॉन्च, फटाफट चेक करें सारी खूबियां
सैमसंग आज अपने भारतीय ग्राहकों के लिए Samsung Galaxy F55 5G लॉन्च कर रहा है। इससे पहले ही कंपनी...