শ্বাহৰুখ খানৰ বলিউডী ছবি পাঠানক লৈ ৰাজনৈতিক গৰম বতাহ বলি থকা সময়তে আজি মুক্তি লাভ কৰিছে অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ আধাৰত তৰালী শৰ্মাৰ সংগীতেৰে সমৃদ্ধ মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া বোলছবি "অনুৰ"। বোলছবি খনে সৃষ্টি কৰা ব্যাপক আগ্ৰহৰ পৰিপ্ৰেক্ষিতত আজি মুক্তিৰ দিনা সোণাৰিৰ কল্পনা চিনেমাগৃহত বোলছবিখন প্ৰদৰ্শিত হয়। সংগীত পৰিচালিকা তৰালী শৰ্মা আৰু সাজসজ্জাৰ দ্বায়িত্বত থকা গৰিমা শইকীয়া গাৰ্গে অলপতে সোণাৰিত বোলছবিখনৰ প্ৰচাৰ চলাই যোৱাৰ পাছত আজি সোণাৰিত মুক্তিৰ দিনা সন্তোষজনক দৰ্শকৰ উপস্থিতি দেখা যায়। বোলছবি খনি প্ৰদৰ্শিত হোৱাৰ পূৰ্বে আজি কল্পনা চিনেমাগৃহত শুভমুক্তি উপলক্ষত আয়োজন কৰা এক অনুষ্ঠানত সোণাৰিৰ সন্তান তথা বোলছবি খনৰ পৰিচালক মঞ্জুল বৰুৱাৰ অনুস্থিতিত তেওঁৰ মাতৃ পূৰ্ণিমা বৰুৱা আৰু পত্নী মিতালী বৰুৱাৰ উপস্থিতিত চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাৱেদ আৰমানে এটি কেক কাটি বোলছবি খনৰ শুভমুক্তিৰ দিন উদযাপন কৰে। অনুষ্ঠানটোতৰাজীৱ কটকী, টংকেশ্বৰ কোঁৱৰ, বিপিন চলিহা, ড° ৰীতা দত্ত, গোলাপ বৰগোঁহাই, গুণ ভূঞা আৰু কেবাগৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। মনকৰিবলগীয়া এয়ে যে, আজি দৰ্শক হিচাপে উপস্থিত থকা গৰিষ্ঠ সংখ্যক ছাত্র ছাত্ৰীয়ে এখন সুন্দৰ বোলছবি বুলি অনুৰ প্ৰশংসা কৰাৰ সমান্তৰাল ভাৱে ভিন্ন বয়স গোটৰ ব্যক্তি আৰু জ্যেষ্ঠ নাগৰিকে একে আষাৰে বহু দিনৰ বিৰতিত এখন উপভোগ্য বোলছবি অসমৰ ছবিগৃহলৈ আহিছে বুলি মত প্ৰকাশ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
CM के रोड शो में कार पर चढ़ नाचे किरोड़ी:फ्लाइंग किस किया, दौसा को बताया था मुख्यमंत्री की प्रतिष्ठा की सीट
दौसा में मुख्यमंत्री भजनलाल शर्मा का रोड शो दोपहर 2.15 बजे शुरू हुआ। मुख्यमंत्री यहां भाजपा...
The famous Inventor and Author Srinivas S. Devathi is taking about Macro Economic reform PROJECT EARTHLINGO
December 18, 2024
The famous Inventor and Author Srinivas S. Devathi is organized press...
Breaking News: Lok Sabha Elections से पहले TMC को झटका, BJP में शामिल होंगे तापस रॉय | Bengal News
Breaking News: Lok Sabha Elections से पहले TMC को झटका, BJP में शामिल होंगे तापस रॉय | Bengal News
બાપુનગર ભીડભંજન હનુમાન મંદિર મા ભંડારો,નિવૃત ડી વાય એસ પી તરુણકુમાર બારોટ સાહેબ ની શુભેચ્છાઓ મુલાકાત
આજરોજ અમદાવાદ બાપુનગર વિસ્તાર મા ભીડભંજન હનુમાન મંદિરમા દર શનિવાર ચાલતા અમૃત આનંદ ચેરીટેબલ ટ્રસ્ટ...
Maharashtra CM Oath Ceremony: शपथ से पहले शिंदे पर सस्पेंस! कार्ड पर नाम नहीं होने से भड़की शिवसेना
Maharashtra CM Oath Ceremony: शपथ से पहले शिंदे पर सस्पेंस! कार्ड पर नाम नहीं होने से भड़की शिवसेना