গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা সমগ্ৰ দেশৰ লগতে গোলাঘাট জিলাৰ সদৰতো আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে গোলাঘাট নগৰৰ সমন্বয় পথাৰত গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাবে অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ কৃষি, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী অতুল বৰাই । মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত দেশৰ স্বাধীনতাৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু সংগ্ৰামী সকলক শ্ৰদ্ধাৰে স্মৰণ কৰে । লগতে দেশখনৰ সাৰ্বভৌমত্ব আৰু সংহতি সুৰক্ষিত ৰাখিবলৈ সীমান্তত নিজৰ জীৱন উছৰ্গা কৰা বীৰসকললৈও তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তেওঁ নিজৰ ভাষণত বিগত সময়ত জিলাখনত ৰূপায়ন কৰা বিভিন্ন চৰকাৰী বিভাগৰ সফলতাৰ খতিয়ান দাঙি ধৰে । নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাইজক আস্থাত লৈ উন্নয়নমুখী যাত্ৰাৰে অগ্ৰসৰ হৈছে বুলি প্ৰকাশ কৰে । তেওঁ কয় যে কৃষি, শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী, পৰ্যটন আদিকে ধৰি বিভিন্ন বিভাগৰ উদ্যোগত ৰাজ্য তথা জিলাখনৰ সামগ্ৰিক উন্নয়ন আৰু সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বিকাশৰ বাবে চৰকাৰে ভালেমান আঁচনি গ্ৰহণ কৰিছে । আঁচনিসমূহৰ সফল ৰূপায়ণৰ বাবে জনসাধাৰণক সক্ৰিয় অংশীদাৰ হোৱাৰ লগতে আঁচনিসমূহৰ কাম-কাজৰ অগ্ৰগতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায় । অনুষ্ঠানত মুক্তি যুঁজাৰুৰ সতি সন্ততিসকলক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি বহুকেইটা সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে আৰু কেইবাটাও চৰকাৰী বিভাগে প্ৰতীকপট প্ৰদৰ্শন কৰে । গণৰাজ্য দিৱসৰ অনুষ্ঠানৰ কুচকাৱাজত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, ছাত্ৰ-ছাত্ৰী আদিকে ধৰি বহুকেইটা দলে অংশগ্ৰহণ কৰে । আজিৰ কাৰ্যসূচীত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণ, আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰ, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ઉપરાષ્ટ્રપતિશ્રી એમ.વેંકૈયા નાયડુ ૬ ઓગસ્ટના દેવભૂમિ દ્વારકા જિલ્લાની મુલાકાતે
ઉપરાષ્ટ્રપતિશ્રી એમ.વેંકૈયા નાયડુ ૬ ઓગસ્ટના દેવભૂમિ દ્વારકા જિલ્લાની મુલાકાતે
হোজাইত চৰকাৰী চাউলত প্লাষ্টিক চাউল মিহলাই কোনে কৰিছে বিতৰন
হোজাইত চৰকাৰী চাউলত প্লাষ্টিক চাউল মিহলাই কোনে কৰিছে বিতৰন।প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী।
...
विराट-रोहित के बाद टीम इंडिया के एक और स्टार ने टी-20 फॉर्मेंट से लिया संन्यास
ICC T-20 World Cup का फाइनल मुकाबला जीतने के बाद भारत में जश्न का दौर जारी है. भारतीय क्रिकेट...
ખેડા જિલ્લામાં તહેવારો નિમિત્તે હથિયારબંધી જાહરે કરાઇ
આગામી તા.૩૧/૦૮/૨૦૨૨ થી તા.૦૯/૦૯/૨૦૨૨ ગણેશચતુર્થી ઉત્સવ, તા.૧૦/૦૯/૨૦૨૨ ના રોજ ભાદરવાસુદ પુનમ...
Poonch Attack: पुंछ में हुए आतंकी हमले में शामिल थे 7 आतंकी, NIA की टीम के साथ घटनास्थल पर पहुंचे डीजीपी
पुंछ आतंकी हमले के बाद से ही भारतीय सेना चप्पे-चप्पे पर आतंकियों की तलाश कर रही है। यही नहीं इस...