চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত নিজ খালৈঘুগুৰা আৰু নাহৰতলী অঞ্চলত আহোম ৰাজত্ব কালত বসবাস কৰা ৰাজপুৰুহিত টাই পণ্ডিত লক্ষী ম-ডাম ফুকনৰ স্মৃতিত প্ৰদান কৰা হ'ব লক্ষী ম- -ডাম ফুকন বঁটা। এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনক। মাহমৰা নিজ খালৈ ঘুগুৰা আৰু নাহৰ তলী বাসী ৰাইজৰ উদ্যোগত ৩১ জানুৱাৰীত লক্ষী ম-ডাম ফুকনৰ মৈদাম স্থলীত অনুস্থিত হ'ব লগা মে-ডাম মেফী অনুষ্ঠানত মন্ত্ৰীজনক এই বঁটা প্ৰদান কৰাহ'ব।