৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আজি নাজিৰা মহকুমা প্ৰশাসনৰ তৰফৰ পৰা মহকুমাটোৰ অন্তৰ্গত চাৰি গৰাকীকৈ মুক্তি যুঁজাৰুক সম্বৰ্ধনা জনোৱা হয়। 

নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে মাউৎ গাওঁ নিবাসী নোমল বৰগোহাঁইৰ স্ব-গৃহত উপস্থিত হৈ তেখেতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে গামোচা, শৰাই, সম্বৰ্ধনা পত্ৰ,শ্বল,ফল-মূল আদি প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে। 

লগতে নাজিৰাৰ সহকাৰী আয়ুক্তদ্বয় কল্যাণ জ্যোতি হাজৰিকা আৰু উপাসনা বৰাই বৰাহীবাৰী নিবাসী নৰেন গগৈ, মিছাজান কোঁৱৰ গাওঁ নিবাসী ভোগেশ্বৰ কোঁৱৰ আৰু আইদেউবাৰী নিবাসী হলিৰাম দুৱৰাৰ গৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকক সহযোগ কৰে নাজিৰা জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক ৰেকিবোৰ ৰহমানে। এই বিশেষ সম্বৰ্ধনাৰ বাবে মুক্তি যুঁজাৰু সকলৰ পৰিয়ালবৰ্গই নাজিৰা মহকুমাধিপতিক ধন্যবাদ জনাই আৰু সন্তোষ প্ৰকাশ কৰে।