ভাৰত নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে, আজি নাজিৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত ত্ৰয়োদশ "ৰাষ্ট্ৰীয় ভোটাৰ দিৱস" উদযাপন কৰা হয়। 

এই অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন উপস্থিত থাকি সকলোকে প্ৰথমে ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আৰু তাৰ পিছতে শপত পাঠ কৰোৱাই। তেখেতে নতুন ভোটাৰক নিজৰ বুদ্ধি আৰু বিবেক বিবেচনাৰে সঠিক জনপ্ৰতিনিধিক ভোট দিবলৈ আহ্বান জনায়।

নাজিৰা নিৰ্বাচনী কাৰ্য্যালয়ৰ পৰা নিৰ্বাচন কৰা সমাজ সেৱক নীৰেন গগৈ হৈছে এইবাৰৰ ব্ৰেণ্ড এম্বেছেডৰ। তেখেতে উক্ত অনুষ্ঠানত উপস্থিত থাকি, সক্ৰিয় ভাৱে নিৰ্বাচন সম্বন্ধীয় কামত প্ৰশাসনক সহায় সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে।

 লগতে আজিৰ এই অনুষ্ঠানত ভাৰত নিৰ্বাচন আয়োগৰ দ্বাৰা মুকলি কৰা "মে ভাৰত হো" শীৰ্ষক গীতটি প্ৰজেক্টৰত দেখুওৱা হয়।

বিশ্বজিৎ নাথে আঁত ধৰা উক্ত অনুষ্ঠানত নাজিৰা মহকুমাৰ সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল, বিশিষ্ট ব্যক্তি সকল, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, SVEEP নডেল বিষয়া, বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল উপস্হিত থাকে।