মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বিহপুৰীয়া সমষ্টিভিত্তিত গঠিত বীৰ লাচিত বহুমুখী সমবায় সমিতি আৰু বিধায়ক অমিয় কুমাৰ ভূঞাৰ উদ্যোগত সমষ্টিটোত আৰম্ভ হৈছে শালি ধানৰ খেতি৷
Sponsored
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी
पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं
সমষ্টিটোৰ ৰঙতি কৃষি বীজ পামৰ পয়সত্তৰ বিঘা মাটিত প্ৰথম পৰ্যায়ত ভূঁই ৰোৱাৰ পাছত আজি দৈশিঙাবৰী পথাৰৰ পঞ্চাশ বিঘা মাটিত দ্বিতীয় পৰ্যায়ত ভুঁই ৰোৱা হয়৷ বিধায়কগৰাকীয়ে নিজে ভুঁই ৰুই ৰোৱনীসকলৰ সৈতে কৃষিকাৰ্যত জড়িত হৈ সকলোকে উৎসাহিত কৰে৷
দলীয় নেতা কৰ্মী , পঞ্চায়ত প্ৰতিনিধিসকলো নামি পৰিছে ভূঁই ৰোৱাত৷ চলিত বছৰত তিনিশ বিঘা মাটিত উন্নত জাতৰ শালিধানৰ খেতি কৰিবলৈ সক্ষম হ’ব বুলি বিধায়কগৰাকীয়ে জানিবলে দিয়ে৷