গছ থাকিলেহে মানুহ থাকিব।এই শ্লগানকে সৰোগত কৰি আজি পুৱাই বিশ্বনাথত গছ পুলি ৰোপন কাৰ্যসূচী।বিশ্বনাথৰ ধৰিত্ৰী ফাউণ্ডেচন বিজয় গোস্বামী আৰু কুমুদ বৰুৱাৰ উদ্যোগত আজি বিশ্বনাথ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰোপন কৰা হল বহু মুল্যবান গছ পুলি।

বিশ্বনাথৰ মূল প্ৰবেশ দ্বাৰৰ দুই দিশে এক সেউজ বিশ্বনাথ গঢ়াৰ লক্ষ্য আগত লৈ ধৰিত্ৰী ফাউণ্ডেচনে এই কাৰ্যসূচী ৰূপায়ন কৰিছে।ধৰিত্ৰী ফাউণ্ডেচনৰ এই পদক্ষেপত সহযোগীতা আগবঢ়াইছে অসম চিকিৎসা সেৱা বিশ্বনাথ, বিশ্বনাথ জিলা কাৰাগাৰ কতৃপক্ষ্যৰ লগতে বিশেষ ভাবে সহযোগীতা আগবঢ়াইছে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ পৌৰপতি অমৰ জ্যোতি বৰঠাকুৰে।আনহাতে এনে নহয় যে ধৰিত্ৰী ফাউণ্ডেচনে কেবল এই গছ পুলি ৰোপন কৰিয়ে দায়িত্ব সামৰিব। ধৰিত্ৰী ফাউণ্ডেচনৰ কুমুদ বৰুৱাৰ একক প্ৰচেষ্টাৰেই বিশ্বনাথ জিলাৰ লগতে ৰাজ্যৰ আন আন স্থানত প্ৰায় দহ হাজাৰতকৈ অধিক গছ পুলি ৰোপন কৰি সেই গছ পুলিবোৰ প্ৰতিপালন দি এক অভিলেষ গঢ়িবলৈ সক্ষম হৈছে।

এই প্ৰচণ্ড গৰমত বিশ্বনাথনগৰ বাসী ৰাইজক অকনমান বতাহ আৰু ছাঁ দি থকা প্ৰতিজোপা গছে ধৰিত্ৰী ফাউণ্ডেচনৰ কুমুদ বৰুৱাৰে আবদান।সেইহে আজিও ধৰিত্ৰী ফাউণ্ডেচনে গ্ৰহন কৰা এই কাৰ্যসূচী সকলোৱে শলাগ লয়।