আজি আমি কম বয়সৰ ওচৰত হাৰ নমনা এগৰাকী আইতাৰ কথা I ১০২ বছৰ বয়সতো নিজ হাতেৰে এঘাৰ খনকৈ ফুলাম গামোছা সাজু কৰিছে এইগৰাকী আইতাই ৷ বয়সেও কৰ্মস্পৃহা কমাব নোৱাৰা কৰ্ম দক্ষ আইতাই ৰাতিপুৱাৰ পৰা ব্যস্ত থাকে ঘৰৰ প্ৰতিটো কামৰ মাজত । কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ পাত্ৰপুৰ গাঁৱৰ এই গৰাকী আইতাৰ  নাম হেম প্ৰভা ডেকা ।

ইতিমধ্যে এই কৰ্ম দক্ষতাৰ বাবে আইতা গৰাকীয়ে স্বীকৃতি পত্ৰ লাভ কৰিছে অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃনালিনী দেৱীৰ হাতৰ পৰা

আমিও সুস্বাস্থ্য কামনা কৰিলো

এইগৰাকী কৰ্মপটু আইতাৰ  ৷  ।