লখিমপুৰ জিলা সাহিত্য সভাৰ এক অগ্ৰণী শাখা খেৰাজখাত শাখা সাহিত্য সভাই ২০২১-২২ বৰ্ষত নতুনকৈ দুজন হিতৈষী , এটি সুহৃদ পৰিয়াল সহ ১২০ গৰাকী আজীৱন সদস্যৰে অসম সাহিত্য সভাৰ শতদল শাখাৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱা শাখাটোৰ আজীৱন সভ্যসকলক প্ৰমান পত্ৰ প্ৰদান আৰু সম্বদ্ধনা জনোৱাৰ লগতে দুখন গ্ৰন্থ উন্মোচন কৰা উদ্দেশ্যে আজি খেৰাজখাত শাখা সাহিত্য সভাৰ সৌজন্যত আৰু দেওতোলা আঞ্চলিক কৃষ্টি কেন্দ্ৰৰ সহযোগত কৃষ্টি কেন্দ্ৰটোত অনুষ্ঠিত হয় আজীৱন সভ্য সন্মিলন আৰু গ্ৰন্থ উন্মোচনী সভা ৷ পুৱা খেৰাজখাত শাখা সাহিত্য সভাৰ সভাপতি বেথাৰাম বৰাই পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসুচী শুভাৰম্ভ কৰে ৷ ইয়াৰ পাছত ৰাজীৱ গান্ধী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন শইকীয়াই স্মৃতিচাৰণ কৰে ৷ দিনত বেথাৰাম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্ধোধন কৰে লখিমপুৰ জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত উপ-সভাপতি সঞ্জীৱ উপাধ্যায় ৷ বিশিষ্ট অতিথি ৰুপে অংশগ্ৰহণ কৰে দিছপুৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ মুখপাত্ৰ ড° সঞ্জীৱ শৰ্মা , আমন্ত্ৰিত অতিথি ৰুপে উপস্থিত থাকে বিশিষ্ট অভিনেতা অসম সাহিত্য সভাৰ ৰামধেনুৰ আহ্বায়ক মাণিক আহমেদ , ভুপেন হাজৰিকাৰ সহশিল্পী অৰুনাচলৰ বেংগীয়া হেমন্ত , ইন্দ্ৰমনী ৰাজকোঁৱৰ , ভৱ পুজাৰী ৷ সভাত মানসী শইকীয়াৰ সম্পাদনাৰ গ্ৰন্থ দস্তাবেজ উন্মোচন কৰে ভৱ পুজাৰীয়ে আৰু জয়ন্তকুমাৰ শইকীয়াৰ কবিতা পুথি “মোৰ অনুভৱৰ দাপোনত তুমি” নামৰ দুখন গ্ৰন্থ উন্মোচন কৰে ড° সঞ্জীৱ শৰ্মাই ৷ সভাৰ শেষত প্ৰতি গৰাকী আজীৱন সভ্যক একোখন গ্ৰন্থ আৰু চেলেঙ চাদৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: Sandeshkhali के मास्टरमाइंड Shahjahan Sheikh की गिरफ्तारी, आज 2 बजे होगी पेशी
Breaking News: Sandeshkhali के मास्टरमाइंड Shahjahan Sheikh की गिरफ्तारी, आज 2 बजे होगी पेशी
दलजीत सिंह चौधरी बने BSF के नए चीफ, गृह मंत्रालय ने अगले आदेश तक सौंपी जिम्मेदारी
सरकार ने बीएसएफ के नए चीफ की नियुक्ति कर दी है। हालांकि अभी इस पद के लिए स्थाई नियुक्ति नहीं की...
રાધનપુર ચીફ ઓફિસર રજા પર ઊતરતાં નગરપાલિકા કચેરી ખાતે ચાર્જ સોંપાયો | SatyaNirbhay News Channel
રાધનપુર ચીફ ઓફિસર રજા પર ઊતરતાં નગરપાલિકા કચેરી ખાતે ચાર્જ સોંપાયો | SatyaNirbhay News Channel
Assembly Election 2023: विधानसभा चुनाव की तैयारी में जुटी बीजेपी, क्या है A, B, C और D प्लान?
Assembly Election 2023: विधानसभा चुनाव की तैयारी में जुटी बीजेपी, क्या है A, B, C और D...
RBI Draft Norms | Infrastructure Finance पर आए Guidelines की वजह से Pressure में रहेंगे ये Stocks
RBI Draft Norms | Infrastructure Finance पर आए Guidelines की वजह से Pressure में रहेंगे ये Stocks