ৰহাত আজি এদিনীয়া কাৰ্য্যসূচীৰে ৰহা ৰহদৈ কবি মঞ্চ ৰ ৩১তম্ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

    পুবা ১০ বজাত কবি মঞ্চ ৰ সভাপতি কৃষ্ণমোোহন শৰ্মা ৰ দ্বাৰা পতাকা উওোলন আৰু কাৰ্য্যকৰি অধ্যক্ষা বিনুলস্কৰ ঠাকুৰিয়া দ্বাৰা বন্তি প্ৰজ্বলন আৰু ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধক্ষ কমল চন্দ্ৰ শৰ্মাৰ দ্বাৰা স্মৃতি তৰ্পন কৰি প্ৰতিষ্ঠা দিৱস ৰ শুভাৰম্ভ কৰাৰ লগতে দুপৰীয়া ১২ বজাত  কৃষ্ণ মোহন শৰ্মা ৰ সভাপতি ত্বত আৰু সম্পাদক বিপুল চন্দ্ৰ কলিতা ৰ উদ্দেশ্য ৰে অনুষ্ঠিত হয় সাধাৰণ সভা।দুপৰীয়া ২ বজাৰ পৰা ৰহা মহাবিদ্যালয় ৰ প্ৰবক্তা ড° ৰাজশ্ৰী বৰাৰ সভাপতিত্বত অনুষ্ঠিত গীত,কবিতা ৰ অন্তৰংগ অনুষ্ঠান ৰ উদ্বোধন ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ ৰ প্ৰমুখ ড° নিৰলা দেবী য়ে ৰহদৈ কবি মঞ্চ ৰ ৩১ বছৰিয়া যাত্ৰা ৰ ওপৰত বক্তব্য ৰাখে আৰু সাধাৰণ সভাত ৰহদৈ কবি মঞ্চে শিশু সকলৰ বাবে কৰ্মশালা, ৰহদৈ কবি মঞ্চ ৰ প্ৰয়াত ধৰ্মসিংহ ডেকা,মোহন হাজৰিকা, তপন হাজৰিকা স্মৃতি ত বঁটা ৰ দিয়াৰ পদক্ষেপ লোবাৰ লগতে মুখপাত্ৰ প্ৰকাশ ৰ সিধান্ত লয়।।কবি চন্দন গোস্বামী য়ে আঁত ধৰা অনুষ্ঠানত বিষ্ণু প্ৰীয়া দাসে বৰগীত পৰিবেশন কৰাৰ লগতে উপস্থিত কবি সকলে কবিতা পাঠ কৰাৰ লগতে অনুষ্ঠানত ৰহা মহাবিদ্যালয় ৰ প্ৰাক্তন উপাধ্যক্ষ দ্বিপ্তী দেবী শৰ্মা,ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰ প্ৰাক্তন অধক্ষ বিজয়া গগৈ, কবি মঞ্চ ৰ উপ সভাপতি পৰান কুমাৰ দাস, জেষ্ঠ বিজ্ঞানী ড° দিনেশ হাজৰিকা বিশিষ্ট অতিথি ৰুপে উপস্থিত থকাৰ লগতে ৰহা সুৰ্য়বতী শাখা সাহিত্য সভাৰ সভানেত্ৰী টুলুপ্ৰভা শইকিয়া,সম্পাদিকা ৰুনুমী বৰা,কংকনা ঠাকুৰিয়া, মদাৰ জ্যোতি পুন্ডৰিকাক্ষ গোস্বামী, মায়া হাজৰিকা কলিতা, সাবিত্ৰী শইকিয়া দাস,মীনা পাটগিৰী ভুঞা,মল্লিকা বৰদলৈ, ইৰা বৰা,ৰুনুমী বৰা,লিমলী বৰা,প্ৰিয়ম কলিতা য়ে কবিতা পাঠ আৰু গীত পৰিবেশন  কৰে।