চৰাইদেউ জিলা সাহিত্য সভাৰ নির্বাচনী অধিসূচনা জাৰি
চৰাইদেউ জিলা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ কাৰ্যকালৰ সভাপতি, উপ-সভাপতি আৰু সম্পাদক পদৰ বাবে নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে। সেই অনুসৰি ২২ জানুৱাৰীৰ দিনা দিনৰ এক বজাৰ পৰা আবেলি চাৰি বজাৰ ভিতৰত মনোনয়ন পত্ৰ সংগ্ৰহ আৰু ২৪ জানুৱাৰীৰ দিনা দিনৰ এক বজাৰ পৰা তিনি বজাৰ ভিতৰত মনোনয়ন পত্র জমা দিয়াৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে। উক্ত দিনা মনোনয়ন পত্ৰ পৰীক্ষা আৰু ঘোষণা কৰা হব। মনোনয়ন পত্র ২৫ জানুৱাৰীৰ দিনা দিনৰ ১ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত প্রত্যাহাৰৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছে। ইফালে ২৬ আৰু ২৭ জানুৱাৰীৰ দিনা দিনৰ ১ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত বেলট পেপাৰ সংগ্ৰহ আৰু ২৮ জানুৱাৰীৰ দিনা দিনৰ ১২ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত বেলট পেপাৰ জমা দিয়াৰ সময় নিৰ্ধাৰণ কৰি দিয়া হৈছে। পৰৱৰ্তী সময়ত ২৮ জানুৱাৰীৰ দিনা ভোট গণনা আৰু ফলাফল ঘোষণা কৰা হব। উল্লেখযোগ্য যে নির্বাচন সম্পর্কীয় যিকোনো কাম-কাজ নিৰ্দ্ধাৰিত কৰি দিয়া সময়তহে সম্পন্ন কৰা হ'ব বুলি জাৰি কৰা জাননীত প্ৰকাশ। সকলো প্ৰকাৰৰ নিৰ্বাচনী কাম-কাজ চৰাইদেউ জিলা সাহিত্য সভাৰ কাৰ্যালয়ত কৰা হ'ব আৰু জিলা সাহিত্য সভাৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো সফলতাৰে সম্পন্ন হোৱাৰ ক্ষেত্ৰত সকলোৱে সহযোগিতা কৰি অসম সাহিত্য সভাক এক গতি প্ৰদান কৰিব বুলি অধিসূচনাখনত উল্লেখ কৰা হৈছে ।