প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰজেক্ট বাস্তৱ হোৱাৰ দিশে গতি কৰিছে মৰাণত। কিয়নো আজি মৰাণত আধাৰশিলা স্থাপন কৰা হ'ল ইমাৰজেঞ্চি লেংডিং প্ৰকল্প। মৰাণৰ খটখটিত নৱ নিৰ্মিত ফ'ৰ লেণ্ড পথৰ প্ৰায় চাৰিকিলমিটাৰ দৈঘ্য সংযোগ কৰিয়েই নিৰ্মাণ কৰা হ'ব এই ইমাৰজেঞ্চি লেণ্ডিং প্ৰকল্প। এই প্ৰকল্পৰ সহায়ত জৰুৰীকালীন সময়ত যুদ্ধ আৰু যাত্ৰীবাহী বিমানসমূহ অৱতৰণ কৰোৱা হ'ব। আজি ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিত পেগুৰ উপস্থিতিত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে আজি এই প্ৰকল্প শুভ উদ্বোধন কৰে। লগতে প্ৰায় ১৮ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ হৈ উঠিব বুলিও জানিব দিয়ে।
অসমৰ ৰাষ্ট্ৰীয়ঘাইপথত প্ৰথমটো ইমাৰজেঞ্চি লেণ্ডিং প্ৰকল্পৰ আধাৰশীলা। মৰাণৰ নিৰ্মিয়মান ফৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয়ঘাইপথত হব বিমানৰ ইমাৰজেঞ্চি লেণ্ডিং প্ৰকল্প
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/01/nerity_5631d073da87b3a370aa3204bdc78cae.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)