ঢকুৱাখনাত অৰুনোদই আঁচনিৰ নামত অনিয়মৰ অভিযোগ।

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা উন্নয়ন খণ্ডৰ অধীনৰ মাতমৰা পঞ্চায়তৰ ২নং খামন পিঠিয়াল গাঁওত অৰুনোদই আঁচনিৰ নামত অনিয়ম হোৱাৰ অভিযোগ উঠিছে ।গাঁওখনৰ ৰাইজে জনোৱা মতে অঞ্চলটোৰ এচাম অসাধু ব্যক্তিয়ে আৰম্ভ কৰিছে এই অনিয়ম।বৃহত্তৰ গাঁওখনৰ দৰিদ্ৰ,নিথৰুৱা, বিশেষ ভাবে সক্ষম ব্যক্তি সকলক উপেক্ষা কৰি শাসক দলৰ এচাম ব্যক্তিৰ আত্মীয় স্বজন, চাকৰিজীবিৰ আত্মীয়ক এই আঁচনিৰ হিতাধিকাৰী সজোৱাৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।

চৰকাৰী আঁচনিক পিতৃক সম্পত্তি হিচাপে গণ্য কৰি প্ৰকৃত দৰিদ্ৰ যোগ্য হিতাধিকাৰীক বঞ্চিত কৰাৰ বাবেই বৃহত্তৰ গাঁওখনৰ যোগ্য পৰিয়াল প্ৰাপ্য চৰকাৰী সাহায্যমূলক আঁচনিৰ মুখ দেখবলৈ সক্ষম নোহোৱা বুলি অভিযোগ উঠিছে।

উল্লেখযোগ্য যে এই অসৎ চক্ৰটোৱে এনে চৰকাৰী আঁচনিৰ প্ৰদানৰ নামত দৰিদ্ৰ ৰাইজৰ পৰা উৎকোচ সংগ্ৰহ কৰাৰ মুকলি অভিযোগ উত্থাপন কৰে ভুক্তভোগী গাওঁ খনৰ ৰাইজে।

অৱশ্যে এক সূত্ৰই এই অভিযোগ অস্বীকাৰ কৰিছে।।