পুৰণি পেঞ্চনৰ বাহালৰ দাবীত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হ'লগৈ ডিব্ৰুগড়ৰ এটি ৯ বছৰীয়া কিশোৰ।

ডিব্ৰুগড়ৰ ডনবস্ক স্কুলৰ চতুৰ্থ শ্ৰেণীত পঢ়ি থকা কিশোৰজনৰ নাম হৈছে হৃদয় সিঙ। কিশোৰ গৰাকীয়ে প্ৰধানমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হৈ অসমৰ তিনিলাখ এন, পি, এছ কৰ্মচাৰীক পুৰণি পেঞ্চন ব্যৱস্থাৰ বাহাল ৰাখিবলৈ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰে।

অৱশ্যে কিশোৰ গৰাকীয়ে প্ৰধানমন্ত্ৰীক সোঁশৰীৰে সাক্ষাৎ কৰিবৰ নোৱাৰিলেও কিশোৰ গৰাকীৰ এনে কাৰ্য্যই ৰাষ্ট্ৰীয় পৰ্যায়ত বহুলভাৱে চৰ্চা লাভ কৰিছে।