ডিব্ৰুগড়ৰ আগশাৰীৰ ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠান ডনবস্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুই ছাত্ৰ দলৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ।এই ঘটনাত বিদ্যালয়ৰ ২২ জন ছাত্ৰ আহত হয়।

ইয়াৰে ১২ জন ছাত্ৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত হোৱাৰ ছাত্ৰৰ অভিভাৱকে মিলন নগৰ আৰক্ষী চকীত প্ৰদান কৰিছে এজাহাৰ। উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ আৰু প্ৰথম বৰ্ষৰ ছাত্ৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনাৰ।

এজন ছাত্ৰ বিদ্যালয়ৰ চৌহদত পৰি আহত হোৱাৰ এটি সৰু  ঘটনাৰ পৰায়েই এই ঘটনাৰ সুত্ৰপাত হোৱা বুলি বিদ্যালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ইতিমধ্যে এই ঘটনাৰ লগত জৰিয়তৰ ২৯ জন ছাত্ৰক বিদ্যালয়ৰ কৰ্তৃপক্ষই নিলম্বন কৰিছে।

সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই এই ঘটনাক দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে। উচ্চপৰ্যায়ৰ  কমিটিৰ গঠন কৰি এই সমগ্ৰ ঘটনাক লৈ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ আৰু আৰক্ষীয়ে পৃথকে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।