প্ৰতিবছৰৰ দৰে এইবেলিও আজি শুক্ৰবাৰে কামৰূপ জিলাৰ পাত্ৰপুৰ গাঁৱত গাঁওখনৰ অর্জুনদেৱ নামঘৰ উন্নয়ন সমিতিৰ পৰিচালনাত সমূহীয়া ভূঁই ৰোৱা কার্যসূচী ৰাপায়ন কৰা হয়। উন্নয়ন সমিতিৰ সভাপতি প্রবীন ডেকা আৰু সম্পাদক পিতাম্বৰ ডেকাৰ তত্ত্বাৱধানত গাঁৱৰ ৰাইজে মিলি এই ভূই ৰোৱা কাৰ্যসূচী ৰূপায়ন কৰে৷

আজি গাঁওখনৰ ১১১ টা পৰিয়ালে পথাৰত সমূহীয়াভাৱে ৰূপায়ণ কৰে এই ভূঁই ৰোৱা পৰ্ব৷ গাঁওখনৰ ডেকা-বুঢ়া,পুৰুষ-মহিলাৰ সকলোৱে একতাৰ চানেকিৰে আজি নামি পৰে শাওণৰ পথাৰত ৷ গাঁৱৰ মহিলা সকলে একেলগে উৎসাহ-উদ্দীপনাৰে বিহু গীত, বিয়া গীত, নাম গাই ধেমালি ফুর্তিৰে ভূঁইতলিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ অর্জুনদেৱ নামঘৰ উন্নয়ন সমিতিয়ে খেতিৰ পৰা লাভ হোৱা ধনৰাশি গাঁওখনৰ বিভিন্ন উন্নয়নমূলক কামত ব্যৱহাৰ কৰে বুলি অৱগত কৰে সংবাদ মাধ্যমক৷

আনহাতে অর্জুনদেৱ নামঘৰ উন্নয়ন সমিতিৰ কৰ্মকৰ্তা সকলে আজিৰ ভূঁই ৰোপণ কাৰ্যসূচীৰ মাজতে গাঁওখনত দীৰ্ঘদিনৰেপৰা চলি থকা বান্দৰৰ অতিমাত্ৰা উপদ্ৰপৰ ফলত কৃষি কাৰ্যত বাধাৰ সৃষ্টি হোৱা বুলিও অৱগত কৰে ৷ বান্দৰৰ উপদ্ৰপৰ বাবে আজি সম্পন্ন কৰা কৃষি কাৰ্যৰ ৫০% হে ফচল তেওঁলোকে লাভ কৰিব বুলি উল্লেখ কৰি বান্দৰ সন্ত্ৰাসৰপৰা গাঁৱৰ কৃষক সকলক ৰক্ষাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনায় ৷