ভোগালী বিহুৰ প্ৰাকক্ষণত পশ্চিম দৰঙৰ কটৰাত বেচৰকাৰী সংস্থা 'আশা'ৰ বিধবা মহিলা, বিশেষভাৱে সক্ষম লোকক ব্লেংকেট বিতৰণ । পশ্চিম দৰঙৰ কটৰাৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা আশা । 

 আশাই বিগত সময়ত গ্ৰাম্যাঞ্চলৰ অনগ্ৰসৰ লোক সকললৈ সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁলোকে বিশেষকৈ দৰং, কামৰূপ,বাক্সা, কোকৰাঝৰ, ওদালগুৰি, শোনিতপুৰ আদি জিলাৰ আৰ্তজনক সহায় কৰি আহিছে। ইয়াৰ অংশ হিচাবে আজি ভোগালী বিহুৰ উৰুকাৰ দিনা কটৰা আৰু কুঁহিয়াৰ কুছি গাঁৱৰ প্ৰায় ৬০০ গৰাকী দৰিদ্ৰ বিধবা মহিলা আৰু বিশেষভাৱে সক্ষম লোকৰ মাজত ব্লেংকেট বিতৰণ কৰে ।