ৰহা ৰহদৈ কবি মঞ্চ ৰ৩১তম্ প্ৰতিষ্ঠা দিবস এদিনীয়া কাৰ্য্যসূচীৰে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত অহা ২২জানুবাৰী ত পালন কৰা হব।
ৰহা ৰহদৈ কবি মঞ্চ ৰ সভাপতি কৃষ্ণমোহন শৰ্মা,কাৰ্য্যকৰী সভাপতি বিনুলস্কৰ ঠাকুৰীয়া আৰু সম্পাদক প্ৰধান বিপুল চন্দ্ৰ কলিতাই জনোৱা কাৰ্য্যসূচী মতে পুবা ১০বজাত পতাকা উওোলনেৰে প্ৰতিষ্ঠা দিবস কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰাৰ লগতে ১০.১৫ মিনিটত বন্তি প্ৰজ্বলন, ১০.৩০মিনিটত স্মৃতি তৰ্পন,১০.৪৫মিনিটত বৰ্ধিত কাৰ্যনিৰ্বাহক আৰু সাধাৰণ পৰিষদৰ সভা।দুপৰিয়া ১২ বজাত প্ৰীতি ভোজ,১বজাত গীতমাত কবিতাৰে অন্তৰংগ অনুষ্ঠান আৰু আবেলি ৩বজাত অনুষ্ঠানৰ সফল সমাপন কৰা হব।
 
  
  
  
   
   
   
  