গোলাঘাটত গণৰাজ্য দিৱস উদ্যাপনৰ প্ৰস্তুতি সভা সম্পন্ন।গোলাঘাট জিলাৰ সদৰত সমাগত ৭৪ সংখ্যক গণৰাজ্য দিৱস উদ্যাপনৰ প্ৰস্তুতি সম্পৰ্কত আজি জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত উপায়ুক্ত ডাঃ পি উদয় প্ৰবীণৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়াসকলৰ উপৰি আৰক্ষী প্ৰশাসন, অদ্ধৰ্সামৰিক বাহিনীৰ প্ৰতিনিধি, বেংক, বেচৰকাৰী সামাজিক দল-সংগঠন, নেতৃস্থানীয় ব্যক্তিৰ উপস্থিতিত আয়োজিত এই সভাত সমাগত গণৰাজ্য দিৱস উদযাপন সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয় ৷ আনহাতে, গণৰাজ্য দিৱস উদযাপন সাফল্যমণ্ডিত কৰাৰ বাবে সময়মতে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ অৰ্থে বিভিন্ন বিভাগক নিজৰ নিজৰ দায়িত্বসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয় ৷ সভাত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বিভিন্ন বিভাগৰ প্ৰতীকপট প্ৰদৰ্শন, কুচকাৱাজৰ বাবে প্ৰয়োজনীয় অনুশীলন আদিৰ ব্যৱস্থা কৰিবলৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে । লগতে প্ৰতিটো বিভাগক তেওঁলোকৰ ওপৰত ন্যস্ত কৰা দায়িত্বসমূহ সময়মতে পালন কৰিবলৈ তেওঁ আহ্বান জনায় । গণৰাজ্য দিৱস সাফল্যমণ্ডিত কৰাৰ বাবে তেওঁ গোলাঘাটবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰে । সভাত কেইবাগৰাকীও নেতৃস্থানীয় ব্যক্তিয়ে বিভিন্ন পৰামৰ্শ আগবঢ়ায় । সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, অতিৰিক্ত উপায়ুক্ত পল্লৱী গগৈ, কুলদীপ হাজৰিকা, চুলতানা আখটাৰা আহমেদ আৰু ডঃ সংগীতা বৰঠাকুৰ, গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা, অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ নৃপেন বৰুৱা, বিশিষ্ট নিবন্ধকাৰ চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈ, চি আৰ পি এফৰ ১৪২ বেটেলিয়নৰ কমাণ্ডেণ্ট ভি কে বৈষ্ণৱ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া, বেংকৰ প্ৰতিনিধি আৰু ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
शिक्षक मतदार संघासाठी नव्याने याद्या तयार करण्याचा कार्यक्रम जाहिर पात्र शिक्षकांनी वेळेत अर्ज करावेत
परभणी,दि.30 : औरंगाबाद विभाग शिक्षक मतदार संघ निवडणूकीसाठी 1 नोव्हेंबर, 2022 अर्हता दिनांकावर...
માતર ના ધારાસભ્ય કેશરીસિંહ સોલંકી ભાજપ છોડી આમ આદમી પાર્ટી મા સામેલ
ખેડા જિલ્લા ના માતર ના ધારાસભ્ય કેસરીસિંહ સોલંકી જેઓ પાછલી 2 ટર્મ થી ભાજપ ના સિમ્બોલ પર માતર ની...
লাচিত দিৱসৰ উপলক্ষে মৰাণ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ল সাংস্কৃতিক অনুষ্ঠান
লাচিত দিৱসৰ উপলক্ষে মৰাণ ৰাজহ চক্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ল সাংস্কৃতিক অনুষ্ঠান
टाटा सन्सचे माजी प्रमुख सायरस मिस्त्री यांचे अपघाती निधन #tata
टाटा सन्सचे माजी प्रमुख सायरस मिस्त्री यांचे अपघाती निधन #tata
Chunav Express : Sikar में जनता किसे पहनाएगी ताज? | Rajasthan Election 2023 | Congress | Latest News
Chunav Express : Sikar में जनता किसे पहनाएगी ताज? | Rajasthan Election 2023 | Congress | Latest News