গোলাঘাট জিলাৰ খুমটাইত ৭টা জল জীৱন মিচন প্ৰকল্প উদ্বোধন.।০৩কোটি টকাৰে নিৰ্মিত আঁচনিৰে ১০৩৫ ঘৰৰ পৰিয়ালে পাব বিশুদ্ধ খোৱা পানী ।ন্দ্ৰ মোদীৰ জন হিতকৰ আঁচনি জল জীৱন মিচনৰ অংশ স্বৰূপে আজি খুমটাই সমষ্টিৰ ৭ টাকৈ অঞ্চলত উদ্ধোধন কৰে পানী যোগান আঁচনি। আজি সমষ্টিটোৰ বিধায়ক মৃণাল শইকীয়াই ৭ টা বিশুদ্ধ খোৱা পানী যোগান আঁচনি শুভ উদ্বোধন কৰি বিধায়ক গৰাকীয়ে কয় যে , দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ সপোন আছিল যে দেশৰ জনতাক বিশুদ্ধ খোৱা পানী যোগানেৰে সুস্থ সৱল এখন দেশ গঢ়াৰ। প্ৰধানমন্ত্ৰী গৰাকীৰ এনে সপোনক বাস্তবায়িত কৰাৰ অংশ হিচাপে আজি আমাৰ সমষ্টিৰ ১০৩৫ ঘৰ পৰিয়ালৰ বাবে বিশুদ্ধ খোৱা পানী যোগান আঁচনি শুভ উদ্বোধন কৰা হৈছে। ৭.০৩ কোটি টকাৰ বিনিময়ত নিৰ্মিত এই প্ৰকল্প কেইটা ভোগালী বিহুৰ উপহাৰ হিচাপে ৰাইজলৈ আগবঢ়াই দিয়া বুলি উল্লেখ কৰে । আজি উদ্ধোধন কৰা ৭ টা আঁচনিয়েই চাহ বাগিছা অঞ্চলৰ । সেই অনুসৰি ১ নং শেনচোৱা চাহ বাগিছা পানী যোগান আঁচনি, চেপাগুৰি চাহ বাগিছা পানী যোগান আঁচনি, বেতিয়নী চাহ বাগিছা পানী যোগান আঁচনি, ১ নং খাচীচুক চাহ বাগিছা পানী যোগান আঁচনি, ভুলুকীটিং চাহ বাগিছা পানী যোগান আঁচনি, বৰটিং চাহ বাগিছা পানী যোগান আঁচনি আৰু পদুমনি চাহ বাগিছা পানী যোগান আঁচনিৰ শুভ উদ্বোধন কৰে। আজিৰ এই উদ্বোধনী কাৰ্যসূচীত জনস্বাস্থ্য ও কাৰিকৰী বিভাগৰ গোলাঘাট জিলাৰ কাৰ্যবাহী অভিযন্তা মাধৱ চন্দ্ৰ নাথ, মহকুমা বিষয়া ঈশান খাউণ্ড, খণ্ড বিষয়া লিপিকা গগৈ, CWC JJM বিষয়া বাবুল শইকীয়া, বিজেপি গোলাঘাট জিলাৰ উপ সভাপতি হৰি প্ৰসাদ দত্ত, জিলা পৰিষদৰ সদস্য অৰুণ গগৈ, ধৰিত্ৰী খাউণ্ড, পঞ্চায়তৰ সভাপতি বিদ্যা বিজয় দুৱৰা আদিকে ধৰি ভালেসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে অন্যান্য দাবীত বামুনবাৰীত লেঙেৰী আ: কৃ: মু: সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট
মূল্যবৃদ্ধি ৰোধ কৰাৰ লগতে অন্যান্য দাবীত বামুনবাৰীত লেঙেৰী আ: কৃ: মু: সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট
बुंदेल केसरी महाराजा छत्रसाल जी की जयंती के उपलक्ष में सिमरिया नगर में निकाली गई विशाल शोभायात्रा!!
बुंदेल केसरी महाराजा छत्रसाल जी की जयंती के उपलक्ष में सिमरिया नगर में निकाली गई विशाल शोभायात्रा!!
Super 50: Sanjay SIngh | ED Remand | Raghav Chadha | Ranbir Kapoor | Kejriwal | PM Modi | 7 Oct 2023
Super 50: Sanjay SIngh | ED Remand | Raghav Chadha | Ranbir Kapoor | Kejriwal | PM Modi | 7 Oct 2023
এতিয়া আৰু চিংগেল নহয় কণ্ঠশিল্পী আচুৰ্য
এতিয়া আৰু চিংগেল নহয় কণ্ঠশিল্পী আচুৰ্য
চাকৰিৰ নামত টকা লোৱা সন্দৰ্ভত মন্ত্ৰী ভৱেশ কলিতাৰ সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ
চাকৰিৰ নামত টকা লোৱা সন্দৰ্ভত মন্ত্ৰী ভৱেশ কলিতাৰ সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ