# বাসুদেৱ থান নৰোৱা সত্ৰত শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান সফল সামৰণি#

ঢকুৱাখনাৰ পশ্চিম প্ৰান্তত অবস্হিত ঐতিহাসিক শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহ পুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ সোঁৱৰণিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এক স্মাৰক বক্তৃতা আৰু বঁটা প্ৰদান অনুষ্ঠান।

 দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৪-৩০ বজাত প্ৰাক্ প্ৰসং, ৯ বজাত স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে সত্ৰাধিকাৰ প্ৰভু লগতে ডেকা সত্ৰাধিকাৰ আৰু সকলো সত্ৰীয়া ভক্ত বৈষ্ণৱ বৃন্দ, ৯-৩০ বজাত বৃক্ষ ৰোপন কৰে লীলাকান্ত দেব গোস্বামী আৰু ভোগেন্দ্ৰ দেব গোস্বামী, ১১ বজাত প্ৰতিছবিত বন্তি প্ৰজ্বলন ও মাল্য অৰ্পণ৷ মুকলি সভাখন উদ্বোধন কৰে ঢকুৱাখনা মহকুমাধিপতি অৰিন্দম বৰুৱা, সভাখন সভাপতিত্ব কৰে সত্ৰাধিকাৰ প্ৰভুৱে, নিদিষ্ট বক্তা হিচাপে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিত শইকীয়া,বিশিষ্ট অতিথিত বিদ্যালয় সমূহৰ পৰিদৰ্শক,লখিমপুৰ জিলাৰ হেমচন্দ্ৰ শইকীয়া, আমন্ত্ৰিত অতিথি হিচাপে কল্পনা গগৈ,কেশৱ গগৈ,প্ৰফুল্ল চুতীয়া,গংগেশ্বৰ বৰুৱা,হিৰকজ্যোতি চুতীয়াকে আদি কৰি বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ কাৰ্যসূচীৰ মাজতেো হাইস্কুল শিক্ষান্ত পৰীক্ষাত লখিমপুৰ জিলাৰ ভিতৰত এইবছৰ অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰা ৬ গৰাকী মেধাৱী শিক্ষাৰ্থীক প্ৰদান কৰা হয় বৈকুণ্ঠী সত্ৰাধিকাৰ সিংহ পুৰুষ শ্ৰী শ্ৰী অচ্যুত চন্দ্ৰ দেৱগোস্বামীৰ স্মাৰক বঁটাৰ লগতে

 গামোচা, গ্ৰন্থৰ টোপোলা, সুফৰা,অভিনন্দন পত্ৰ, নগদ ধন আৰু এটা সোণৰ পদক প্ৰদান কৰা হয়।এই বঁটা ২০১০ চনৰ পৰা প্ৰতিবছৰে প্ৰদান কৰি আহিছে বুলি সংবাদ মাধ্যমৰ আগত আয়োজক আৰু ভক্ত সকলে জনাই৷

উল্লেখযোগ্য যে এই অনুষ্ঠানতে বাসুদেৱ থান শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰৰ পৰা lহাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনোৱা হয়।