ঐতিহ্যমণ্ডিত আঁহতগুৰি আঞ্চলিক ভোগালী উৎসব উদযাপন সমিতিৰ সৌজন্যত আঁহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্ৰত অহা কালিৰ পৰা _৫দিনীয়া কাৰ্য্যসূচিৰে ভোগালী উৎসব ৰ  আয়োজন কৰা হৈছে।ভোগালী উৎসবৰ প্ৰথম দিন ১১জানুবাৰীত পুবা ৯বজাত উদযাপন সমিতিৰ সভাপতি নাথুৰাম হাজৰিকা দ্বাৰা পতাকা উওোলনৰে ভোগালী উৎসবৰ শুভাৰম্ভ কৰাৰ লগতে ৯.৩০বজাত সম্বৰ্ধনা অনুষ্ঠান, ১১বজাত সমূহীয়া জলপান গ্ৰহন,২বজাত চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হব।সন্ধিয়া ৭বজাৰ পৰা স্বৰ্গীয় ৰূপৰাম দাস সোঁৱৰণত অনুষ্ঠিত হব লগা সাংস্কৃতিক সন্ধ্যা ৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী দীপলিনা ডেকা।দ্বিতীয় দিনা ১২জানুবাৰী ত দিনৰ ১১বজাত খেল ধেমালী অনুষ্ঠান,বিয়লী৩ বজাত ভূপেন্দ্ৰ আৰু জ্যোতি সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হব।সন্ধিয়া৭ বজাৰ পৰা স্বৰ্গীয় থানুৰাম দাস সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা ৰ মুখ্য আকৰ্ষণ হব দ্বিপেন বৰুৱা, খগেন গগৈ, শান্তা উজীৰ,নমিতা ভট্টাচাৰ্য আৰু সংগীতা কাকতি।

১৩ জানুৱাৰী ত পূবা ১১ বজাত থলুবা জলপান প্ৰতিযোগিতা আৰু বিয়লী৩ বজাত ভেশচন প্ৰতিযোগিতা অনুষ্ঠিত হব।সন্ধিয়া ৪.৩০ বজাত দুটা শাখাত মাঘী সুন্দৰী প্ৰতিযোগিতা অনুষ্ঠিত হব।৭ বজাৰ পৰা স্বৰ্গীয় মুকুট হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা ৰ মুখ্য আকৰ্ষণ হব নীলাক্ষী নেওগ।চতুৰ্থ দিন ১৪ জানুৱাৰীত সমিতিৰ সদস্য সকলৰ দ্বাৰা আয়োজিত বাৰেৰগনীয়া সাংস্কৃতিক অনুষ্ঠান।ভোগালী উৎসবৰ অন্তিম দিন ১৫ জানুৱাৰীত দিনৰ ১১বজাত খেলধেমালী অনুষ্ঠান, সন্ধিয়া ৫ বজাত বঁটা বিতৰনী আৰু ৭ বজাত স্বৰ্গীয় শিশুৰাম হাজৰিকা সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা ৰ মুখ্য আকৰ্ষণ হব শংকুৰাজ।