ত নিৰ্বিবাদে চলি আছে অৰুণাচলী সুৰাৰ চোৰাং বেহা । গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰৰ কঠোৰ পদক্ষেপ । গোলাঘাটত অৰুণাচলী বিদেশী সুৰাৰ চিণ্ডিকেটৰ লগত জড়িত থকাৰ অভিযোগত এইবাৰ জালত পৰিল স্বয়ং আৰক্ষীৰ লোক । চিণ্ডিকেট চক্ৰৰ সৈতে জড়িত থকা আৰক্ষী বিষয়াৰ নামো সাঙোৰ পাই পৰি উন্মোচিত হ'ব পাৰে ভয়ংকৰ তথ্য । ৰক্ষকে ভক্ষক স্বৰূপ অনন্ত বৰা নামৰ অসম আৰক্ষীৰ কনিষ্টবলজনক আৰক্ষী অধীক্ষক ৰমনদ্বীপ কৌৰৰ নিৰ্দেশত গ্লেপ্তাৰ কৰিছে গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষীয়ে।আৰক্ষী কণিষ্টবল অনন্ত বৰাক।জামুগুৰি আৰক্ষী থানাৰ গোচৰ নম্বৰ ০৮/২২ অনুযায়ী ভাৰতীয় দণ্ডবিধি আইনৰ 379 , R/W ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী কনিষ্টবলজনক। অৰুণাচলী সুৰা সৰবৰাহৰ বৃহৎ চক্ৰৰ সৈতে জড়িত থকাৰ অভিযোগ অনন্ত বৰাৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি অৰুণাচলী সুৰাৰ চোৰাং ব্যবসায়ী চক্ৰৰ সৈতে ঘণিষ্ট সম্পৰ্ক ৰক্ষা কৰি বৃহৎ অংকৰ ধনৰ লেনা দেনা কৰি অহাৰ অভিযোগ উঠিছে আৰক্ষী কণিষ্টবল জনৰ বিৰুদ্ধে । আৰক্ষীয়ে কিছুদিন পূৰ্বে জামুগুৰি অঞ্চলত সুৰা ব্যৱসায়িক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহে আৰক্ষী কণিষ্টবল অনন্ত বৰাৰ এই অৰুণাচলী সুৰা চক্ৰটোৰ সৈতে ঘণিষ্ট সম্পৰ্ক থকাৰ কথা । আৰক্ষীয়ে আৰক্ষী কণিষ্টবল অনন্ত বৰাক আটক কৰি অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে মাৰাথন জেৰা। এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে গোলাঘাটত।আৰু কোন কোন জড়িত এই অৰুণাচলী সুৰাৰ লগত তাক লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া। নাম সাঙোৰ পৰাৰ সম্ভাৱনা আছে আৰক্ষীৰ বিষয়া পৰ্যায়ৰ নামো ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Valedictory function of the "Ka Tynrai Jong Ka Longrynieng" (The Roots of Identity)
Valedictory function of the "Ka Tynrai Jong Ka Longrynieng" (The Roots of Identity)
नहर में नहाने से 15 भैंसों की मौत, 500 से ज्यादा झुलसी | Haryana | Rohtak | Viral News
हरियाणा के रोहतक के बखेता गांव में अचानक नहर में उतरने से भैंसें झुलसने और तड़पने लगीं. इस दौरान...
Election 2024: चुनावी फाइट में चाचा पर भारी पड़ा भतीजा, Seat Sharing के बाद क्या बोले Chirag?
Election 2024: चुनावी फाइट में चाचा पर भारी पड़ा भतीजा, Seat Sharing के बाद क्या बोले Chirag?