ডিমাকুছি ধৰমজুলি অন্তঃসত্বা কিশোৰীৰ ৰহস্যজনক মৃত্যু #humantrafficking_ntro - ডিমাকুছি ধৰমজুলিত অন্তঃসত্বা কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য।
ওদালগুৰি ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ধৰমজুলি চাহ বাগিছাত এগৰাকী অন্তঃসত্বা কিশোৰীৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কিয়নো বিগত ৬ মাহ পূৰ্বে কিশোৰী গৰাকীক বামুনজুলিৰ দুই লম্পটে কাম দিয়াৰ প্ৰলোভনেৰে ঝাৰখণ্ডলৈ নি হাৰিয়ানাৰ এগৰাকী ব্যক্তিৰ হাতত বিক্ৰী কৰি দিছিল ৷ ঘটনা সন্দৰ্ভত অভিযুক্ত চুনু বাগ আৰু দেচী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ডিমাকুছি থানাত ৰুজু হৈ আছে এক গোচৰ ৷
জানিব পৰামতে বিক্ৰী কৰাৰ পাছতে কিশোৰী গৰাকী মালিক পক্ষৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হ’য় ৷ যাৰ ফলত কিশোৰী গৰাকী আজি ৬ মাহৰ অন্তঃসত্ত্বা ৷ মালিকৰ অত্যাচাৰত উপায়ন্তৰ হৈ কিশোৰী গৰাকীয়ে পলায়ন কৰি হাৰিয়ানাৰ এখন আৰক্ষী থানাত উপস্থিত হ’য় ৷ তাৰ পৰাই আৰক্ষীৰ সহযোগত কিছুদিন পূৰ্বে ভূক্তভোগী কিশোৰী গৰাকী উপস্থিত হ’য় ডিমাকুছি বৰঙাজুলিৰ নিজ মাতৃগৃহত ৷ মাতৃগৃহৰ পৰা ধৰমজুলি চাহ বাগিছাৰ আই্তাকৰ ঘৰত আশ্ৰয় ল’য় কিশোৰী গৰাকীয়ে ৷ ইয়াতেই কিশোৰী গৰাকীয়ে তীব্ৰ পেটৰ বিষত ভোগাত পৰিয়ালে বৰঙাজুলি চাহ বাগিছা হস্পিতালত ভৰ্তি কৰাই যদিও ইয়াতে মৃত্যু হ’য় কিশোৰী গৰাকীৰ ৷ পিছত পৰিয়ালৰ লোকে নিশাই কিশোৰী গৰাকীৰ মৃতদেহ সমাধিস্থ কৰে যদিও পাছত ঘটনা সন্দৰ্ভত ডিমাকুছি আৰক্ষী অৱগত হৈ দণ্ডাধীশৰ উপস্থিতিত শুক্ৰবাৰে মৃতদেহ খান্দি উলিয়াই মৰনোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰে ৷