নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি শ্ৰীশ্ৰী গৰখীয়া গোপাল থানৰ পঞ্চদশ বাৰ্ষিক উৎসৱটি অহা ১৯ জানুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে আয়োজন কৰিছে৷তদুপলক্ষে সেইদিনা পূৱা সাতবজাত সানেকুছি বৰিতোলা চুৱাৰ চম্পাৱতী চৌধুৰীৰ গৃহৰ পৰা বাৰগোপালৰ প্ৰত্যাগমন,উদ্বোধন কৰিব উৎসৱ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ৰজত চন্দ্ৰ শৰ্মাই,৭-৪৫ বজাত বন্তি প্ৰজ্বলন কৰিব সোনধন লহকৰে,আঠবজাত ধৰ্মীয় ধ্বজা উত্তোলন,উত্তোলক উৎসৱ পৰিচালনা সমিতিৰ সভাপতি পয়োধৰ লহকৰে,৮-৩০ বজাত স্মৃতিতৰ্পণ,তৰ্পণ কৰিব উৎসৱ পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক হৰিচৰণ তালুকদাৰে,৮-৪৫ বজাত গছপুলি ৰোপণ,ৰোপক ক্ৰমে ভগান বৰ্মন আৰু নিপেন ভৰালী,৯-১৫ বজাত গোপাল বৰণ,বৰণ কৰিব ৰাজু লহকৰে,৯-৩০ বজাত সভাঘৰ উদ্বোধন,উদ্বোধন কৰিব বৰভাগ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া অপূৰ্ব চক্ৰৱৰ্তীয়ে,১০-৩০ বজাত প্ৰয়াত অজয় লহকৰ সোৱঁৰণী নাগাৰা নাম প্ৰদৰ্শন,আমন্ত্ৰিত পাঠক বেদান্ত হালৈ,নাম উদ্বোধন কৰিব অম্বুনাথ শৰ্মাই,দিনৰ ১২-৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান,সম্বৰ্ধনা অনুষ্ঠানত কেইবাজনো বিশেষ ভাবে আমন্ত্ৰিত লোকক সম্বৰ্ধনা জনাৱ৷আবেলি দুইবজাত প্ৰষাদ আৰু ভোগ বিতৰণ,চাৰিবজাত হিচাব দাখিল আৰু আগন্তুক বৰ্ষৰ উৎসৱ পৰিচালনা সমিতি গঠন৷উৎসৱৰ সকলো কাৰ্য্যসূচীতে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে পৰিচালনা সমিতিয়ে৷৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rahul Gandhi Truck Video: Panchkula में कांग्रेस सांसद राहुल गांधी टाटा 407 की सवारी करते नजर आए
Rahul Gandhi Truck Video: Panchkula में कांग्रेस सांसद राहुल गांधी टाटा 407 की सवारी करते नजर आए
मंदिर के अंदर हाथ धोते Yogi के मंत्री Satish Sharma का Video Viral, अब सफाई में क्या बोले?
मंदिर के अंदर हाथ धोते Yogi के मंत्री Satish Sharma का Video Viral, अब सफाई में क्या बोले?
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কোকিলা গাওঁ পঞ্চায়ত গাওঁ সভাত বিধায়কে দিয়া মন্তব্য
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম উন্নয়ন খণ্ডৰ অন্তৰ্গত কোকিলা গাওঁ পঞ্চায়ত গাওঁ সভাত বিধায়কে দিয়া মন্তব্য