সাহস আৰু আত্ম বলিদানৰ অনুপম নিদৰ্শন আলাবৈ ৰণ। অসমৰ ইতিহাসৰ পৃষ্ঠাত লিপিবদ্ধ হৈ থকা ১৬৬৯ চনৰ ৫ আগষ্টৰ এই দিনটোতেই মোগলক পৰাভূত কৰি অসমক ৰক্ষা কৰাৰ বাবে একে দিনাই প্ৰাণ বলিদান দিছিল ১০ হাজাৰ অসমীয়া সেনাই। এই দহ হাজাৰ অসমীয়া শ্বহীদ সৈনিকক আজি মৰাণৰ ট্ৰেফিক তিনিআলিত টাইপা মৰাণ আঞ্চলিকৰ উদ্যোগত জনোৱা হয় শ্ৰদ্ধাঞ্জলী। এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইৰ লগতে টাইপাৰ মৰাণ আঞ্চলিকৰ সদস্য আৰু স্থানীয় লোকসকল উপস্থিত থাকি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।
আলাবৈত মোগলৰ বিৰুদ্ধে যুঁজি একেদিনাই ১০ হাজাৰ অসমীয়া সেনাই প্ৰাণ দিয়া শ্বহীদসকলক টাইপাৰ শ্ৰদ্ধাঞ্জলি


