সোণাৰিৰ ড্ৰীম জ'ন আইএএছৰ নতুন শ্ৰেণী শুভাৰম্ভ।

সোণাৰিৰ অগ্ৰণী শিক্ষানুষ্ঠান এলিট একাডেমিত আজি ড্ৰীম জ'ন আইএএছৰ নতুন শ্ৰেণী শুভাৰম্ভ কৰা হয়। ভাৰতীয় প্ৰশাসনিক সেৱাৰ লগতে সৰ্বভাৰতীয় প্ৰতিযোগিতামুলক পৰীক্ষাত অৱতীৰ্ণ হ'ব পৰাকৈ প্ৰস্তুত কৰা পাঠ্যক্ৰমৰ জৰিয়তে পাঠদান কৰা হ'ব ছাত্ৰ-ছাত্ৰী সকলক। এই উদ্দেশ্যে শিক্ষানুষ্ঠান খনত অনুষ্ঠিত কৰা হয় এক উদ্বোধনী অনুষ্ঠানৰ। সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ড্ৰীম জ'ন আইএএছৰ নতুন শ্ৰেণী শুভাৰম্ভ কৰা অনুষ্ঠানত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ ড° বিপুল দে', সোণাৰি চাহ বাগিচাৰ স্বত্বাধিকাৰী সমুদ্ৰ প্ৰসাদ বৰুৱা, অৱসৰপ্ৰাপ্ত শিক্ষক মণি গগৈ, এলিট একাডেমিৰ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি বৰগোহাঁই, আটাছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত চাংমাই, ড্ৰীম জ'ন আইএএছৰ সঞ্চালক জিণ্টু লাহন, উদীয়মান যুৱক দ্বীপেন বৰুৱাৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে।